গোৱালপাৰা পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২২ মাৰ্চ: বুধবাৰে নিশা গোৱালপাৰা জিলাৰ নৱাগত শিমলীতোলা বজাৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। বজাৰত থকা মৰাপাটৰ ৰেকত সংঘটিত হোৱা এই অগ্নিকাণ্ডত স্থানীয় ব্যৱসায়ী সকলে মজুত ৰখা প্ৰায় ১৫০০  কুইণ্টল মৰাপাট জ্বলি ভস্মীভূত হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও কোনো দুৰ্বৃত্তই বজাৰখনত থকা মৰাপাটৰ ৰেকত অগ্নি সংযোগ কৰাৰ আশংকা ব্যক্ত কৰিছে মৰাপাট ব্যৱসায়ী সকলে। নিশা প্ৰায় ডেৰ বজাত সংঘটিত হোৱা অগ্নিকাণ্ড প্ৰথমে স্থানীয় এজন ব্যক্তিয়ে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত বজাৰৰ একাংশ ব্যৱসায়ী আৰু স্থানীয় লোকে জুই নুমুৱাবলৈ চেষ্টা কৰে। পিছত প্ৰায় দুঘণ্টা পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী আহি ঘটনাস্থলীত উপস্থিত হয় যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীত পৰ্যাপ্ত পানী নথকাৰ ফলত ৰাইজৰ সহযোগত কোনোমতে পুৱা জুই নুমুৱাবলৈ সক্ষম হয়। উল্লেখ্য যে, বৰপেটা জিলাৰ বাঘমাৰা চৰৰ যুৱ ব্যৱসায়ী ইন্তাজ আলীৰ প্ৰায় ১০০০ কুইণ্টল মৰাপাট ভস্মীভূত হয়। ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে স্থানীয় ব্যৱসায়ী সকলে।