প্ৰশান্ত সাহা

তিনিচুকীয়া

৩১ জুলাই

নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত তিনিচুকীয়াত মানৱ শৃংখল কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত বৃহৎ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন।

বিগত কিছুদিন ধৰি ৰাজ্যত তীব্রতৰ হৈ উঠিছে কৃষক নেতা অখিক গগৈৰ মুক্তিৰ দাবী। কৃষক নেতা গৰাকীৰ মুক্তিৰ লগতে ৰাজ্যত পুনৰ সবল হৈ উঠিছে নাগৰিকত্ব সংশোধনী আইন বাতিল দাবীও। শুকুৰবাৰে তিনিচুকীয়া চহৰৰ জি এন বি পথত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কৃষক নেতা অখিক গগৈৰ মুক্তিৰ দাবীত পৰিষদৰ সদস্য সকলে সামাজিক ব্যৱধান মানি চলি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, অখিল গগৈক মুক্তি দিয়ক আদিকে ধৰি বিভিন্ন শ্লোগানেৰে ৰাজপথ উঠিল কৰি তোলে। পৰিষদৰ এই মানৱ শৃংখল কাৰ্যসূচীত উপস্থিত থাকি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কণ গগৈয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পৰিষদে সুদীৰ্ঘ দিন ধৰি আন্দোলন কৰি আহিছিল যদিও কৰ’ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এই আন্দোলন স্তিমিত কৰিছিল কিন্তু দেশ আৰু জাতিৰ স্বাৰ্থত পুনৰ এই আন্দোলন জোৰদাৰ ৰূপত আগবঢ়াই নিয়া হ’ব। আজিৰ এই মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰি আমি পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছো। নাগৰিকত্ব সংশোধনী আইনে অসমীয়া জাতিক ভয়াবহ ভাৱে ধংস কৰিব সেয়েহে এই আইন মানি লোৱাৰ কোনো প্ৰশ্মই নাহে বুলিও উল্লেখ কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কণ গগৈয়ে।

আনহাতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন শক্তিশালীভাৱে আগবঢ়ায় নিয়াৰ বাবে অখিল গগৈক ষড়যন্ত্ৰমূলক ভাৱে বিজেপি চৰকাৰে কাৰাবন্দী কৰি থোৱা কাৰ্যক চৰকাৰক কঠোৰ নিন্দা কৰি অখিল গগৈক অতি শীঘ্ৰে মুক্তি দিবলৈ দাবী জনায় কণ গগৈয়ে। মানৱ শৃংখল কাৰ্যসূচীত পৰিষদৰ জিলা সমিতিৰ উপ সভাপতি সীমান্ত দাস, সাংগঠনিক সম্পাদক মনোজ বড়াৰ লগতে তিনিচুকীয়া আঞ্চলিক সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক আৰু সদস্য সকল উপস্থিত থাকে।