হোজাই

২৪ জানুৱাৰী

হোজাইত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা৷ হোজাইৰ পূৱ ধনীৰাম পথাৰত সংঘটিত হৈছে অগ্নিকাণ্ড৷ অগ্নিকাণ্ডৰ ফলত ৰাখাল মজুমদাৰ নামৰ এজন লোকৰ বাসগৃহৰ পাঁচটাকৈ কোঠা সম্পূৰ্ণৰূপে ভষ্মীভূত হয়৷

হোজাই জিলাৰ পূৱ ধনীৰাম পথাৰত দেওবাৰ ৰাখাল মজুমদাৰ নামৰ এজন লোকৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ৰান্ধনী ঘৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয়৷ অগ্নিকাণ্ডত ৰাখাল মজুমদাৰৰ বাসগৃহৰ পাঁচটাকৈ কোঠা সম্পূৰ্ণৰূপে ভষ্মীভূত হয়৷ অগ্নিকাণ্ডত প্ৰায় ৫ লাখ টকাৰ ক্ষতি হোৱা বুলি আশংকা কৰা হৈছে যদিও অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহতি হোৱা নাই৷ অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নোমোবলৈ সক্ষম হোৱাত আন বহুকেইটা গৃহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে৷

পুৱাৰ ভাগতে সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ৰাইজ আতংকিত হৈ পৰে। অগ্নিকাণ্ডৰ পিছতে বহু স্থানীয় ৰাইজ ওলাই আহি জুই নুমোৱাবলৈ চেষ্টা চলায় যদিও ৰাখাল মজুমদাৰৰ বাসগৃহৰ পাঁচটাকৈ কোঠা সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়।