নৱজোতি বৰুৱা

চামগুৰি

২৪ জানুৱাৰী

ৰাজ্যত বিভিন্ন দল সংগঠনে বিভিন্ন দাবী লৈ প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে এইবাৰ ড্ৰাগছ মুক্ত গাঁও বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। ড্ৰাগছৰ অবাধ প্ৰচলনত অতিষ্ঠ হৈ এখন গাঁৱৰ ৰাইজে অৱলম্বন কৰিব লগা হৈছে প্ৰতিবাদৰ পথ। আৰক্ষী প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে অনাগত দিনত ভয়াবহ পৰিস্থিতিৰ হুংকাৰ ৰাইজৰ।

ড্ৰাগছৰ অবাধ প্ৰচললে ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে। ড্ৰাগছৰ কবলত পৰি ইতিমধ্যে বহু যুৱক-যুৱতীয়ে ধ্বংস কৰি পেলাইছে নিজৰ জীৱন। আৰক্ষী প্ৰশাসনে এখন ড্ৰাগছ মুক্ত অসম গঢ়ি তোলাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে যদিও একাংশ দুষ্ট চক্ৰই সহজে ধন ঘটাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। Lপবিশেষকৈ নগাঁও জিলাখন বিগত কিছুসময়ত পৰিণত হৈছে ড্ৰাগছৰ ঘাটিত। নগাঁও আৰক্ষীয়ে বিভিন্ন সময়ত ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাজানো ড্ৰাগছ মাফিয়াক জালত পেলাবলৈ সক্ষম হৈছে যদিও এইবাৰ ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে নগাঁও জিলাৰ চামগুৰিৰ কলংপাৰৰ বাজিয়াগাঁৱৰ ৰাইজে। বাজিয়াগাঁৱৰ ৰাইজে গাঁওখনত ড্ৰাগছৰ প্ৰচলন বন্ধ কৰাৰ দাবী জনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ড্ৰাগছৰ অবাধ প্ৰচলনত অতিষ্ঠ হৈ ৰাজপথলৈ ওলাই আহে স্থানীয় ৰাইজ।

গাওঁখনত কেইজনমান লোকৰ ছত্ৰছায়াত ড্ৰাগছৰ অবাধ বেহা চলি থকাৰ অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। অঞ্চলটোত ড্ৰাগছৰ প্ৰচলন ৰোধৰ বাবে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৰাইজে।প্ৰশাসনে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজে ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।