গুৱাহাটী, সংবাদ ৩৬৫, ৮ মাৰ্চ : মহানগৰীৰ আঠগাঁওস্থিত মাৰোৱাৰী হাস্পাতালত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাস্পাতালখনত লোকমান হাকিম নামৰ এজন হোমিও চিকিৎসকক প্ৰসূতি বিভাগত অষ্ট্ৰোপ্ৰচাৰ কৰাত প্ৰথম সহায়ক চিকিৎসক হিচাপে কৰ্মৰত থকাৰ অভিযোগত চিআইডিয়ে গ্ৰেপ্তাৰ কৰে। হোমিও চিকিৎসকজন মাৰোৱাৰী হাস্পাতালত প্ৰসূতি বিভাগত অষ্ট্ৰোপ্ৰচাৰত প্ৰথম সহায়ক চিকিৎসক হিচাপে কাম কৰাৰ অভিযোগ পাই অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটোৱে চিআইডিক অৱকগত কৰাত চিআইডিয়ে বৃহস্পতিবাৰে মাৰোৱাৰী হাস্পাতালত অভিযান চলাই চিকিৎসকজনক অষ্ট্ৰোপ্ৰচাৰ কক্ষৰ পৰা গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, চিকিৎসকজন যোৱা তিনি বছৰ ধৰি মাৰোৱাৰী হাস্পাতালত প্ৰথম সহায়ক অষ্ট্ৰোপ্ৰচাৰ চিকিৎসক হিচাপে কৰ্মৰত আছিল। এতিয়া কথা হল যে এজন হোমিও চিকিৎসক হৈ লোকমান হাকিম কিদৰে অষ্ট্ৰোপ্ৰচাৰ সহায়ক চিকিৎসক হিচাপে মাৰোৱাৰী হাস্পাতালত কৰ্মৰত আছিল। চিকিৎসকজন নিজেও প্ৰসূতি বিভাগত অষ্ট্ৰোপ্ৰচাৰ কৰাৰ কথাও অনুসন্ধান্ত পোহৰলৈ আহিছে। চিআইডিয়ে জানিবলৈ দিয়া মতে লোকমান হাকিমে যোৱা ফেব্ৰুৱাৰী মাহত মাৰোৱাৰী হাস্পাতালত ২৩ গৰাকী মহিলাৰ অষ্ট্ৰোপ্ৰচাৰত সহায়ক চিকিৎসক হিচাপে নিয়োজিত আছিল। চিআইডি অধিক তৈথৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে।