গুৱাহাটী, সংবাদ ৩৬৫, ৮ মাৰ্চ : আজি আন্তৰাষ্ট্ৰীয় নাৰী দিৱস, এই দিৱস দিনা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক দেখা গল পে়ডমেনৰ ৰূপত। মহানগৰীৰ ভাস্কৰ নগৰৰ মহিলাসকলক প্ৰাক্তন মন্ত্ৰীজনে বিতৰন কৰিলে চেনিটেৰী নেপকিন৷ মন্ত্ৰীজনে চেনিটেৰী নেপকিন বিতৰন কৰাৰ উপৰিও ভাস্কৰ নগৰত বসবাস কৰা মহিলা সকলৰ বাবে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ হৈ চেনিটেৰী নেপকিন ভেন্দৰ আৰু ডিছপচেল মেচিন প্ৰদান কৰাৰ আশ্বাস দিয়ে৷ আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটী আৰু বেচৰকাৰী সংস্থা জেচিআইয়ে বৃহস্পতিবাৰে মহানগৰীৰ ভাস্কৰ নগৰত বসবাস কৰা মহিলা সকলৰ বাবে অনুষ্ঠিত কৰে এক বিনামূলীয়া চেনিটেৰী নেপকিন বিতৰন অনুষ্ঠান৷ এই অনুষ্ঠানত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী শ্বেহনাজ হকৰ লগতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনও অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত অংশগ্ৰহন কৰি প্ৰাক্তন মন্ত্ৰীজনে কয় যে মহিলা সকল নিজৰ সু-স্বাস্থ্যৰ বাবে চেনিটেৰী নেপকিন ব্যৱহাৰ কৰাটো অতিকৈ প্ৰয়োজনীয়৷ অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী শ্বেহনাজ হকে মোডী চৰকাৰক আহ্বান জনাই কয় যে স্কুল-কলেজত বিনামূলীয়াকৈ চেনিটেৰী নেপকিন বিতৰন কৰিব লাগে আৰু ফাৰ্মাচী সমূহত ৰেহাই মূল্যত চেনিটেৰী নেপকিন বিক্ৰী কৰিব লাগে৷ অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী গৰাকীয়ে লগতে কয় যে চৰকাৰে চেনিটেৰী নেপকিন সমূহৰ পৰা জিএচটি আতৰাব লাগে৷ অনুষ্ঠানত ভাস্কৰ নগৰৰ প্ৰায় পাঁচশ গৰাকী মহিলা উপস্থিত থাকি বিনামূলীয়া চেনিটাৰী নেপকিন গ্ৰহণ কৰে।