দিল্লী, সংবাদ ৩৬৫, ৩০ নৱেম্বৰ : উত্তৰ-পূৱৰ বিভিন্ন দল, সংগঠনৰে সৈতে কেবক লৈ শুকুৰবাৰে নিশা এক বৈঠকত মিলিত হয় গৃহমন্ত্ৰীৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বৈঠকত ত্ৰিপুৰা, মিজোৰামৰ দল – সংগঠনে তীব্ৰ বিৰোধিতা কৰে বিধেয়কখনৰ ।

ইফালে শনিবাৰেও অসমৰ ৰাজনৈতিক সংগঠন এ আই ইউ ডি এফ, অগপ আৰু বিপিএফৰ সৈতে এলানি বৈঠকত মিলিত হয় গৃহমন্ত্ৰী গৰাকী । কেইবাটাও ভাগত বৈঠক অনুষ্ঠিত হ’ব বিধেয়কখনক লৈ । বি পি এফৰ প্ৰতিনিধি বিশ্বজিৎ দৈমাৰীয়ে সংবিধানক উলংঘা কৰি কেব গৃহীত কৰিব খোজা বুলি বৈঠকত মন্তব্য কৰে ।

আজিৰ বৈঠকত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ফণীভূষণ চৌধুৰী, কমলা কলিতা, অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্ম ।

ইফালে শুকুৰবাৰে হৈ যোৱা বৈঠকৰ অন্তত নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে ৩ ডিচেম্বৰত সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, নাগালেণ্ড এই সংগঠন কেইটাৰ লগত আলোচনা হ’ব। ১০ তাৰিখৰ আগত কেব সংসদত আহিব। সংসদৰ পৰিস্থিতি চাই আশা কৰিব পাৰি যে কেব গৃহীত হ’ব।

ইয়াৰ বিপৰীতে শনিবাৰৰ বৈঠকত আশ্বাস অসমীয়া জাতিক ৬ নং দফাই সুৰক্ষা । অসম আৰু অসমীয়াক কেব গৃহীত কৰাৰ সময়ত সুৰক্ষা দিয়া হ’ব।

লক্ষণীয়ভাৱে বৈঠকত বৰ্তমানলৈকে আমন্ত্ৰণ দিয়া নাই কৃষক মুক্তি সংগ্ৰাম সমিতিক । এই সন্দৰ্ভত অখিল গগৈয়ে কয় অসমৰ জনগণক বিভাজন কৰাৰ ষড়যন্ত্ৰ ৰচিছে । আলোচনাত ভাগ লবলৈ যোৱাসকলৰ প্ৰতি গগৈৰ আহ্বান যে কোনেও যাতে দিল্লীত আলোচনালৈ গৈ অবিবেচক অসম বিৰোধী কোনো সিদ্ধান্তত যাতে একমত নহয় ।

আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিক বৈঠকত মিলিত হোৱাৰ বাবে নিমন্ত্ৰণ জনাইছিল যদিও নিমন্ত্ৰণ নাকচ কৰে কংগ্ৰেছে।