গুৱাহাটী, সংবাদ ৩৬৫, ২৯ নৱেম্বৰ : হেল্থ চিটি হস্পিতালৰ ট্ৰেন্সফিউশ্যন মেডিচিন তথা ব্লাড বেংক বিভাগ যিয়ে অবিৰত ভাবে বিশুদ্ধ তথা পৰ্য্যাপ্ত ৰক্ত সম্পৰ্কীয় সামগ্ৰী প্ৰদানৰ অৰ্থে কাম কৰি আহিছে ।

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত থালাচেমিয়া ৰোগীৰ সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে য’ত সাধাৰণ ৰাইজক উদ্দেশ্যি থালচেমিয়া ৰোগ সন্দৰ্ভত তথ্য সজাগতা আৰু থালচেমিয়া ৰোগীৰ লগত কৰিবলগীয়া সমিহিত আচৰণৰ কথা আলোচনা হয়।

থালাচেমিয়া হিম’গ্লবিনৰ বংশানুক্ৰমে সৃষ্টি হোৱা এবিধ ৰোগ। যেতিয়া মাক দেউতাক দুয়োজনৰে স্বাস্থ্যৰ অৱস্থা এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয় বা আক্ৰান্ত হব পৰা অৱস্থাত থাকে তেতিয়া সন্তানৰ দেহলৈ এই ৰোগ বিয়পাৰ ২৫ % আশংকা থাকে।

এই ৰোগৰ যিহেতু লক্ষণ স্পষ্ট নহয় সেয়েহে থালাচেমিয়া নিৰ্দিষ্ট পৰীক্ষা নকৰালৈকে এই ৰোগ ধৰা নপৰে তথা ৰোগীজন এই সম্পৰ্কে জ্ঞাত নহয়। হিম’গ্লবিন টাইপিং নামৰ এটি নিচেই সহজ তথা উপলব্ধ পৰীক্ষাৰ দ্বাৰা কৰি সহজেই এই ৰোগৰ শৰীৰত উপস্থিতি তথা ৰোগৰ স্থিতিৰ কথা গম পাব পাৰি।

উক্ত সংবাদমেলৰ মূল উদ্দেশ্যৰ ভিতৰত অন্যতম এয়ে যে এই ৰোগৰ সজাগতা ও পৰীক্ষা যি সাধাৰণতে আওকান হৈ ৰয়, সেই সজাগতাৰ বৃদ্ধি কৰা তথা থালাচেমিয়া ৰোগৰ উপস্থিতি থকা পুৰুষ মহিলাৰ মাজত হ’ব পৰা বিবাহৰ পৰা বিৰত ৰখা যিহেতু উভয়ৰে দেহত এই ৰোগ উপস্হিত থাকিলে সন্তানলৈ বংশক্ৰমে বাঢ়িব আৰু ব্যাধিৰ ৰূপ লব পাৰে।