গুৱাহাটী, ১১ অক্টোবৰঃ নতুনত্বৰ বিপুল সম্ভাৰ লৈ গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেন্টাৰত ২৭ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ১৭তম আন্তঃৰাষ্ট্রীয় লিঅ’ এক্সপ’৷ ইজিপ্ট, তুৰ্কী, বাংলাদেশ, দক্ষিণ আফ্রিকা, শ্ৰীলঙ্কা, নেপাল, ঘাণা, থাইলেণ্ড, আফগানিস্তানৰ ব্যৱসায়ীৰ সামগ্ৰী হ’ব এইবাৰ লিঅ’ এক্সপৰ বিশেষ আকর্ষণ। ইজিপ্টৰ হস্তশিল্পজাত আৰু উটৰ চামৰাৰ সামগ্ৰী, তুৰ্কীৰ ডেকোৰেটিভ লেম্প, বাংলাদেশৰ জামদানী, টাংগাইল, তাঁত শাৰী, ৰেডিমেদ পোচাক আৰু মেলামাইনৰ বাচন-বর্তন, দক্ষিণ আফ্রিকাৰ হস্তশিল্পজাত সামগ্রী, শ্ৰীলঙ্কাৰ ৰত্ন, নেপালৰ গৰম পোচাক, ঘাণাৰ হস্তশিল্পজাত সামগ্রী, থাইলেণ্ডৰ অলংকাৰ, কৃত্রিম ফুল আৰু মহিলাৰ পোচাক তথা আফগানিস্তানৰ শুকান ফলমূল উপলব্ধ হ’ব লিঅ’ এক্সত। বিদেশী ৰাষ্ট্ৰৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তৰ ব্যৱসায়ীৰ নানা সামগ্ৰীৰ উপলব্ধ হ’ব লিঅ’ এক্সপত। জুতা চেণ্ডেল, বিচনা চাদৰ, টেবুল ক্লথ, পর্দা, ৰান্ধনী ঘৰৰ সামগ্ৰী, গৃহ সজ্জাৰ সামগ্ৰী, পেইন্টিং, ফার্নিচাৰ, মেখেলা-চাদৰ, গৰম কাপোৰ, পুতলা, আচাৰ, নমকীন, ইলেকট্রনিক সামগ্ৰীকে ধৰি প্রায় সকলো সামগ্ৰীয়ে উপলব্ধ হ’ব লিঅ’ এক্সপ’ত। গডৰেজ, কেপচ্যু, কুচিনা, মহাৰাজা, পেনাচনিক, উষাকে ধৰি বহুকেইটা বহুজাতিক কোম্পানীয়ে লিঅ’ এক্সপ’ত অংশ গ্রহণ কৰিব। বহুজাতিক কোম্পানীসমূহে তেওঁলোকৰ উৎপাদিত সামগ্ৰী সমূহ এক্সপ’ৰ উপলক্ষ্যে বিশেষ ৰেহাই মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰিব। লিঅ’ এক্সপ’ত প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্র-ছাত্রীৰ মাজত এখন বিশেষ চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে৷ ৫ নৱেম্বৰৰ পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এখন চিত্রাংকন প্রতিযোগিতাত বিভিন্ন শাখাৰ বিজয়ীক ক্ৰমে ১১হাজাৰ, ৭হাজাৰ আৰু ৫হাজাৰ নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। নাৰ্চাৰী আৰু কেজি শ্রেণীৰ শিশুৰ কাৰণেও এটা বিশেষ শাখাত প্রতিযোগিতা অনুষ্ঠিত কৰা হ’ব। দৰ্শকৰ আকৰ্ষণৰ কাৰণে চলিত বৰ্ষত লিঅ’ এক্সপ’ৰ প্রশাসনীয় ভৱনটো সম্পূর্ণ নতুন চিন্তাধাৰাৰে নিৰ্মাণ কৰা হ’ব৷ এক্সপ’ত দেশী বিদেশী বিভিন্ন খাদ্য সামগ্ৰীৰ ৰেষ্টুৰেণ্টৰো ব্যৱস্থা কৰা হৈছে৷