গুৱাহাটী, সংবাদ ৩৬৫, ২৮ এপ্ৰিল : আগন্তুক ৫ দিনলৈ উত্তৰ পূবৰ বিভিন্ন অঞ্চলত প্ৰৱল ধুমুহা- ₹বতাহ আৰু বৰষুণ অহাৰ সম্ভাৱণা। গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিলে উত্তৰ পূবত প্ৰৱল ধুমুহা-বতাহ আৰু বৰষুণৰ সম্ভাৱণা।

বিশ্বব্যাপী কভিড-১৯ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে বিশ্ববাসীয়ে চলাই যোৱা যুদ্ধখনৰ মাজতে অহা ৫ দিনলৈ উত্তৰ পূৱৰ বিভিন্ন অঞ্চল প্ৰৱল ধুমুহা-বতাহ আৰু বৰষুণে কোবাই যোৱাৰ আশংকা প্ৰকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বিগত কিছুদিন ধৰি অসমৰ লগতে উত্তৰ পূৱৰ বিভিন্ন অঞ্চলত অব্যাহত আছে ধুমুহা-বৰষুণ। এইবাৰ পুনৰ আগন্তুক ৫ দিনলৈ উত্তৰ পূবৰ বিভিন্ন অঞ্চলত প্ৰৱল ধুমুহা-বতাহ আৰু বৰষুণ অহাৰ সম্ভাৱনা সদৰি কৰিলে গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। মঙলবাৰৰ পৰা ২ মে’ লৈ অসমৰ লগতে মেঘালয়, নালাগেণ্ড, মণিপুৰ , মিজোৰাম আৰু ত্ৰিপুৰাত ধুমুহা-বতাহৰ লগতে প্ৰৱল বৰষুণ অহাৰ সম্ভাৱণা আছে বুলি সদৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

আনহাতে মঙলবাৰে অসম, মেঘালয়, নালাগেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ৩০ ৰ পৰা ৪০ কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা থকাৰ লগতে অহা ৩০ এপ্ৰিলত বতাহ বলাৰ লগতে বিজুলী ধেৰেকণিৰ সম্ভাৱণা থকা বুলি সদৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অৱশ্যে ইয়াৰ পুৰ্বেও চলিত মাহত ৰাজ্যত ৪০ ৰ পৰা ৫০ কিলোমিটাৰ বেগত ধুমুহা বলিছিল।