গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ১০ মাৰ্চ: বাৰিষালৈ মাজত মাথো দুটা মাহ থাকোতে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াই তচনচ কৰিছে গোৱালপাৰা জিলাৰ নৱাগত শিমলীতোলা অঞ্চল। খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আতংকিত হৈ পৰিছে গাঁওখনৰ চাৰি শতাধিক পৰিয়াল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল বাৰিষাৰ পূৰ্বে ৰাজ্যৰ মথাউৰি আৰু খহনীয়া প্ৰতিৰোধৰ কাম সমূহ ৩০ এপ্ৰিল ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও মুখ্যমন্ত্ৰীৰ এই কঠোৰ নিৰ্দেশনাৰ পিছতো গা লৰা নাই আমোলা বিষয়া সকলৰ। গোৱালপাৰা জিলাৰ নৱাগত শিমলীতোলা অঞ্চলত খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত জলসম্পদ বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাত বিগত ১৫ টা বছৰে খহনীয়াত কেইবাশ বিঘা মাটি ব্ৰহ্মপুত্ৰত বুকুত জাহ হৈছে। এতিয়া মাত্ৰ ১০ ফুট মাটি খহিলেই পয়মাল ঘটিব নৱাগত শিমলীতোলা গাঁওখনত আৰু নিশ্চিহ্ন হব প্ৰায় চাৰি শতাধিক পৰিয়াল। অঞ্চলটোত দেখা দিয়া এই আসন্ন বিপদৰ সময়তো চৰকাৰ, প্ৰশাসন আৰু স্থানীয় বিধায়কৰ কোনো তৎপৰতা নথকাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। এফালে খহনীয়া প্ৰতিৰোধৰ নামত অহা চৰকাৰী ধন পঞ্চায়ত সভাপতি আলী হুছেইনে আত্মসাৎ কৰাৰ অভিযোগো উত্থাপন কৰি ৰাইজে জানিবলৈ দিয়ে যে পঞ্চায়ত সভাপতি আলী হুছেইনে খহনীয়া প্ৰতিৰোধৰ নামত কেইটামান পাৰ্কুপাইন পেলাই আঁচনিৰ বৃহৎ ধন আত্মসাৎ কৰিছে। আনফালে জলসম্পদ বিভাগৰ অৱহেলাৰ ফলত অনাগত বাৰিষাত নৱাগত শিমলীতোলা গাঁৱৰ প্রায় চাৰি শতাধিক পৰিয়ালয়ে ঘৰৰ ভেটি হেৰুৱাবক লৈ আতংকিত হৈ পৰিছে।