চাপৰ, ১৫ ডিচেম্বৰঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিয়ে ১৯ ডিচেম্বৰত ৰেল পথ অৱৰোধৰ হুংকাৰ দিছে। শুক্ৰবাৰে নামনি অসমৰ ধুবুৰী জিলা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই চাপৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপনায়ন কৰি ৰেল পথ অৱৰোধৰ হুংকাৰ দিয়ে। আদিবাসীসকলৰ জনজাতী কাৰণ, মাটিৰ পাট্টা প্ৰদান আৰু চাহ শ্ৰমিকসকলৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিয়ে চাপৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। আদিবাসী ছাত্ৰ সংগঠনটোৰ প্ৰায় অৰ্ধ শতাধিক পুৰুষ মহিলা প্ৰায় তিনি ঘন্টা ধৰি চাপৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। আদিবাসী সংগঠনটোৰ নেতৃবৃন্দই জানিবলৈ দিয়ে যে যদি ৰাজ্য চৰকাৰখনে তেওঁলোকৰ দাবীসমূহ অতি শীঘ্ৰে মানি নলয় তেন্তে তেওঁলোকে ১৯ ডিচেম্বৰত ৰেল পথ অৱৰোধ কাৰ্য্যসূচী ৰূপনায়ন কৰিব।