কোকৰাঝাৰৰ পৰা মামুন আলী, সংবাদ ৩৬৫, ১৬ জুন : কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা ইউ পি পি এল দলৰ জিলা সভাপতি উত্তম হাজয়াৰীৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ শান্তিপূৰ অঞ্চলৰ পাঁচ শতাধিক দলীয় কৰ্মী। দল ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থীক বি টি চি পৰিষদীয় নিৰ্বাচনত জয়যুক্ত কৰাৰ সংকল্প ইউ পি পি এল কৰ্মীৰ।

মঙলবাৰে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বৃহত্তৰ শান্তিপূৰ অঞ্চলৰ ইউ পি পি এল দলৰ তিনিটাকৈ ভি চি ডি চিৰ পাঁচ শতাধিক কৰ্মীয়ে দল ত্যাগ কৰে। উল্লেখ্য যে, যোৱা ১০ জুন তাৰিখে ইউ পি পি এলৰ পৰ্বতঝোৰা জিলা সমিতিৰ উপ-সভাপতি জগদীশ বসুমতাৰি আৰু যুৱ মৰ্চাৰ সম্পাদক ৰাজা ব্ৰহ্মক দলৰ পৰা বহিস্কাৰ কৰাৰ লৈ দলীয় কৰ্মী ক্ষোভিত হৈ দল ত্যাগ কৰে। জগদীশ বসুমতাৰি আৰু ৰাজা ব্ৰহ্মক ইউ পি পি এল দলৰ পৰা বৰিষ্কাৰ কৰা কাৰ্যক মানি ল’ব পৰা নাই ইউ পি পি এলৰ দলীয় কৰ্মী সকলে, ফলত পৰ্বতঝোৰা মহকুমাৰ বিভিন্ন অঞ্চলৰ ইউ পি পি এলৰ কৰ্মীসকলে দল ত্যাগ কৰে।

আনহাতে জগদীশ বসুমতাৰিক নিৰ্দলীয় প্রাৰ্থী হিচাপে বি টি চি পৰিষদীয় নিৰ্বাচনত জয়যুক্ত কৰাৰো সংকল্প গ্ৰহণ কৰিছে দল ত্যাগ কৰা কৰ্মী সকলে। দল ত্যাগ কৰি ইউ পি পি এলৰ পৰ্বতঝোৰা জিলাৰ কৰ্মীসকলে জগদীশ বাসুমতাৰী জিন্দাবাদ, উত্তম হাজোয়াৰী মূৰ্দাবাদ আদি বিভিন্ন শ্ল’গানৰে আকাশ-বতাহ উত্তাল কৰি তোলে।