নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ জানুৱাৰী : ২২ জানুৱাৰিত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব বহু বিতৰ্কিত তথা খিলঞ্জীয়াই জাতিধ্বংসী আখ্যা দিয়া নাগৰিকত্ব সংশোধনী আইনৰ। এই দিনটোত বিশ্ববিদ্যালয় ছাত্ৰ সমাজে ঘোষণা কৰিছে ‘Total Shutdown’ ।

উত্তৰ-পূৰ্বাঞ্চল বিশ্ববিদ্যালয় ছাত্ৰ সমাজে সেইদিনা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো কলেজ-বিশ্ববিদ্যালয় সম্পূৰ্ণ বন্ধৰ ঘোষণা কৰিছে।

বুধবাৰে উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধিত আইন,২০১৯ৰ বৈধতাক প্ৰশ্ন তুলি সৰ্বোচ্চ ন্যায়ালয়খনত দাখিল কৰা আবেদনসমূহৰ শুনানি গ্ৰহণ কৰিব।

উচ্চতম ন্যায়ালয়ে আছু, ইণ্ডিয়ান মুছলীম লীগ আৰু কংগ্ৰেছ নেতা জয়ৰাম ৰমেশকে ধৰি বিভিন্ন পক্ষই দাখিল কৰা কা’ বিৰোধী আবেদনৰ শুনানিৰ দিন ২২ জানুৱাৰি নিৰ্দ্ধাৰণ কৰিছিল।

আৰ জে ডি নেতা মনোজ ঝা, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ আৰু এ আই এম আই এম নেতা আছাউদ্দিন ওৱেছিয়েও উচ্চতম ন্যায়ালয়ে নতুন নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছে।