নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ জানুৱাৰী : আমাজন বৰ্ষাৰণ্যৰ পিছতেই এইবাৰ ভয়ংকৰ বনজুইৰ কৱলত পৰিছে অষ্ট্ৰেলিয়া। নিউ চাউথ ৱেত প্ৰায় চাৰি মাহৰ আগতেই আৰম্ভ হোৱা বনজুইয়ে এতিয়া ধাৰণ কৰিছে তীব্ৰতৰ ৰূপ । প্ৰায় ২০০ ফুট ওপৰলৈকে উঠা জুইৰ শিখাই দেশখনৰ প্ৰায় ১৫ লাখ একৰ ঠাই গ্ৰাস কৰিছে।

ধ্বংস হৈছে বহু হাজাৰ গছ-গছনিৰ লগতে বহু কোটি বন্যপ্ৰাণী। ইতিমধ্যে সমগ্ৰ অঞ্চলতে অষ্ট্ৰেলিয়াৰ চৰকাৰে হাই এলাৰ্ট জাৰি কৰিছে।

ইউনিভাৰ্চিটী অৱ চিডনীয়ে অনুমান কৰিছে, ৫০ কোটি বন্য জীৱ–জন্তু মৃত্যু হৈছে। কেংগেৰু, স্তন্যপায়ী প্ৰাণী, ৰেংগন আৰু বিভিন্ন প্ৰজাতীৰ পক্ষী পৰিছে মৃত্যু মুখত।

ইতিমধ্যে বহু সংস্থাই জীৱ জন্তুৰ উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ এই বনাঞ্চলখন ১৫ মিলিয়ন একৰ ক্ষেত্ৰফলৰ।

অষ্ট্ৰেলিয়ান বাতৰি প্ৰতিষ্ঠানৰ সূত্ৰ মতে এই বনজুইত বৰ্তমানলৈকে ২০জনৰো অধিক লোকৰ মৃত্যু হৈছে। প্ৰায় ১০০০ৰো অধিক ঘৰ ভষ্মীভূত হৈছে আৰু কেইবাহাজাৰো লোক আশ্ৰয়হীন হৈছে।

অষ্ট্ৰেলিয়াৰ বনজুইত প্ৰায় ৫০ কোটি জন্তুৰ ইতিমধ্যে মৃত্যু হোৱা বুলি অষ্ট্ৰেলিয়া চৰকাৰে ঘোষণা কৰিছে।