ৰঙিয়া, ৫ মেঃ ৰঙিয়াৰ বাছ আস্থানত পুৱতি নিশা ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়৷ বাছ আস্থানটোৰ জোতা- চেণ্ডেল আৰু ষ্টেচনাৰী দোকানসহ  ৩ খন  দোকান জ্বলি ভস্মীভূত হয়৷ অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ধ্বংস হয়৷ পুৱা পথাচাৰীয়ে দোকানকেইখনত জুই লগা প্ৰত্যক্ষ কৰি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে৷ তৎকালীন ভাবে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ  জুই নিয়ন্ত্ৰণ কৰে৷ এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই৷ ছৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে৷ আনহাতে ৰঙিয়াৰ দ্বাৰকুছিত আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত পুৱা ভাগত অহা প্ৰচণ্ড ধুমুহা-বতাহে বিস্তৰ ক্ষতি কৰে৷ ধুমুহাত সমগ্ৰ অঞ্চলটোৰ ঘৰ-দুৱাৰ, গছ-গছনিৰ ধ্বংস হয়৷  ধুমুহাত ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে ডাঙৰ ডাঙৰ গছ পথৰ ওপৰত বাগৰি পৰাত যাতায়ত ব্যৱস্থা ব্যাহত হৈছে৷ গছ উভালি দ্বাৰকুছিৰ ২ নং চিকনিবাৰী মোক্তাব গৃহটো সম্পূৰ্ণ ৰূপে ধ্বংস হয়৷ কণ কণ ল’ৰা-ছোৱালীয়ে শিক্ষাগ্ৰহণ কৰা বিদ্যালয়খন ভাঙি যোৱাত সমস্যাত পৰে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে অভিভাৱকসকল৷ আনহাতে ঠায়ে ঠায়ে গছ বাগৰি বিদ্যুতৰ তাঁৰ ছিঙাৰ ফলত অঞ্চলটোত পুৱাৰে পৰা বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ আছে৷