হাফলং, ৫ মেঃ ৰাজ্যৰ শিক্ষা বিভাগৰ নিদেৰ্শনাক বৃদ্ধাগুষ্ঠ দেখুৱাই শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেঁতালি খেলিবলৈও কুন্ঠাবোধ কৰা নাই হাফলংৰ এখন বিদ্যালয়ৰ পৰিচালনা কমিটিয়ে৷ হাফলংৰ জি চি লাংঠাচা হাইস্কুলৰ স্থায়ী বিদ্যালয় ভৱনটো প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বেয়া হোৱাত চৰকাৰী নিৰ্দেশ হিচাপে হাফলং চৰকাৰী বয়জ স্কুলত অস্থায়ী ভাবে শ্ৰেণীকোঠা বহাৰ নিৰ্দেশ দিয়া হৈছিল৷ কিন্তু বিদ্যালয়ৰ পৰিচালনা কমিটিয়ে চৰকাৰী নিৰ্দেশনা অমান্য কৰি বিদ্যালয়ৰ সমীপবৰ্ত্তী মহাদেব টিলা গাঁওৰ এখন ঠাইত টিনৰ বেৰাৰে এটা সৰু ঘৰ নিৰ্মাণ কৰি ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ ব্যৱস্থা কৰা হয়৷ সৰু কোঠালীত ৰাতিপুৱা সাতটাৰ পৰা দহটালৈ আৰু দহটাৰ পৰা এটালৈ দুটা শিফটত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা হয়৷ কিন্তু হাফলংৰ প্ৰখৰ ৰ’দৰ তাপত টিনৰ বেৰাৰ সৰু ঘৰটোত পাঠদান কৰাত অসুবিধাৰ সন্মুখীন হৈছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল৷ কিন্তু পৰিচালনা কমিটিৰ সিদ্ধান্তক মানি সকলো অসুবিধাক শিৰনত কৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকল পাঠদান কৰিবলৈ বাধ্য৷ সৰু ঘৰটোৰ ভিতৰৰ এটা কোঠালিত পৃথককৈ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ কাৰণে জিৰণি কোঠালি বনাই দিয়া হৈছে৷ হাফলংৰ জি চি লাংঠাচা হাইস্কুলৰ পৰিচালনা কমিটিৰ মইমতালীৰ বিৰুদ্ধে ৰাজ্যৰ শিক্ষা বিভাগে পদক্ষেপ গ্ৰহণ কৰিবনে? নে হাফলংৰ প্ৰখৰ ৰ’দৰ তাপত টিনৰ বেৰাৰ সৰু ঘৰটোত শিক্ষক-শিক্ষয়ত্ৰীসকলে পৰিচালনা কমিটিৰ মইমতালী সহ্য কৰি এনেদৰে শিক্ষাদান কৰিব?