ৰঙিয়া, সংবাদ ৩৬৫, ৪ ফেব্ৰুৱাৰীঃ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰঙিয়াত নগৰত দেওবাৰে ৰাজ্য চৰকাৰৰ সহযোগী দল অগপত যোগদান কৰিলে শতাধিক কংগ্ৰেছ আৰু এআইইউডিএফৰ কৰ্মী। পঞ্চায়ত নিৰ্বাচনকলৈ তৎপৰ হৈ পৰা ৰাজ্য চৰকাৰৰ সহযোগী আঞ্চলিক দল অগপই গ্ৰামঞ্চলত নিজৰ ভেটি মজবুত কৰাৰ উদ্দেশ্য দেওবাৰে ৰঙিয়াত এক কৰ্মী যোগদান অনুষ্ঠানৰ আয়োজন কৰে। অগপৰ এই যোগদান অনুষ্ঠানলৈ সঁহাৰি জানাই ৰঙিয়াৰ শতাধিক কংগ্ৰেছ আৰু এআইইউডিএফ কৰ্মীয়ে দল ত্যাগ কৰি অগপ দলত যোগদান কৰে। যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক ফণীভূষণ চৌধুৰী, বিধায়ক উৎপল দত্ত, প্ৰাক্তন মন্ত্ৰী নৰুল হুছেইন। দললৈ অহা নতুন কৰ্মীসকলক অভিনন্দন জানাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত সংখ্যালঘু লোকসকল অসুৰক্ষিত হৈ আছিল বুলি অভিযোগ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বৰ্তমান চৰকাৰৰখনকো সমালোচনা কৰি কয় যে বৰ্তমান চৰকাৰখনৰ দিনত সাধাৰণ ৰাইজে জীয়াতু ভুগিব লগা হৈছে। ৰঙিয়াৰ এপল মিলৰ উৎপাদিত কাপোৰে সমগ্র অসমত আদৰ লাভ কৰিছিল কিন্তু আজি এপল মিলকে ধৰি ৰাজ্যৰ ৯৯% উদ্যোগ বন্ধ হৈ আছে। কংগ্ৰেছ চৰকাৰৰ দিনতে এটাৰ পিছত এটা উদ্যোগ বন্ধ হৈছিল বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। প্ৰাক্তন মন্ত্ৰী নৰুল হুছেইনে কংগ্ৰেছ আৰু বিজেপি চৰকাৰখনক সমালোচনা কৰি কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত মুছলমান সকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে আৰু এতিয়া বিজেপি চৰকাৰখনে হিন্দুক ভোটা বেংক হিচাপে ব্যৱহাৰ কৰি আছে।