সোণতলী, সংবাদ ৩৬৫, ৪ ফেব্ৰুৱাৰীঃ  কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বগুৰীগুৰী গাঁৱৰ বাহাৰ আলী নামৰ ছাত্ৰজনক হত্যা কৰা আজি এসপ্তাহ পাৰ হোৱাৰ পিছতো  হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো অসম আৰক্ষীৰ অক্ষমতা ৰাইজৰ মাজত প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ সভাপতি আব্দুল মতিন খানে। এক প্ৰেছ বিবৃতি যোগে সভাপতি গৰাকীয়ে কয় যে যোৱা ২৯ জানুৱাৰীত বগুৰীগুৰী গাঁৱৰ আবুল কালামৰ পুত্ৰ তথা সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ বাহাৰ আলীক পৰিকল্পিত ভাৱে হত্যা কৰি পথাৰত পেলাই থোৱা দুৰ্বৃত্তৰ দলটো বৰ্তমানেও মুকলি আকাশৰ তলত আছে যদিও সোণতলী আৰক্ষীয়ে কি কাৰণত হত্যাকাণ্ডৰ লগত জড়িত এজনো অপৰাধীক আজিলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে। সোণতলী আৰক্ষীৰ এনে সোপাঢিলা কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ সভাপতি আব্দুল মতিন খানে অহা ৪৮ ঘণ্টা সময় সীমাৰ ভিতৰত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। যদি অতি শীঘ্ৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নহয় তেন্তে পৰৱৰ্তী সময়ত কেবাটাও দল সংগঠন একত্ৰিত হৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লব বুলি সকীয়াই দিয়ে।