ৰঙিয়া, নৱেম্বৰ ২: ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়াত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে গৰিয়া যুৱ ছাত্ৰ পৰিষদে৷ হাইৱে’ চকত পৰিষদৰ শতাধিক কৰ্মীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰথমে চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলনকাৰী সকলে ক্ষোভ প্ৰকাশ কৰে৷ যোগান বিভাগৰ অকৰ্মণ্যতাৰ বাবে এচাম মধ্যভোগী দালালৰূপী বণিয়াই নিজ ইচ্ছানুযায়ী খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি আহিছে৷ চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবে ৰাইজে নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ নামত দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷ প্ৰতিবাদৰ সময়ত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটোত যান-বাহনসমূহ আৱদ্ধ হৈ পৰে৷ কিন্তু আৱদ্ধ হোৱা যান-বাহনসমূহ পিছলৈ মুকলি কৰি দিয়ে আৰক্ষীয়ে৷