ৰঙিয়া, নৱেম্বৰ ২: ৰঙিয়াত সংঘটিত হৈছে একাউণ্ট হেক কৰি টকা লুট কৰি নিয়া ঘটনা৷ ৰঙিয়া হেকাৰৰ কবলত পৰিছে ভাৰতীয় ষ্টেট বেংকৰ বহু কেইজন গ্ৰাহকৰ একাউণ্ট৷ কিছুদিন পূৰ্বে কোনো দুষ্ট চক্ৰই একাউণ্ট হেক কৰি লাখ লাখ টকা সৰকাই নিয়াৰ পিছত পুনৰ এগৰাকী চৰকাৰী কৰ্মচাৰীৰ একাউণ্ট হেক কৰি ১.২০ লাখ টকা লুট কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰঙিয়া অঞ্চলত৷  অসহায় হৈ পৰিছে সৰ্বস্বান্ত গ্ৰাহকসকল ৷ জানিব পৰা মতে, হেকাৰৰ বলি হোৱা এই ভুক্তভোগী গ্ৰাহকজন হৈছে গড়কাপ্টানী ৰাষ্ট্ৰীয় পথ বিভাগৰ কৰ্মচাৰী ভগৱান বৰ্মন ৷ এইগৰাকী কৰ্মচাৰীৰ SBI ৰ ৰঙিয়া শাখাত নিজৰ একাউণ্ট পৰীক্ষা কৰিবলৈ আহি ধন লুট কৰি নিয়া বুলি জানিব পাৰি চকু কপালত উঠে৷ তেওঁ SBI একাউণ্টৰ পৰা হেকাৰে ১.২০ লাখ টকা লুট কৰি নিয়ে৷  পিছত ভুক্তভোগী গ্ৰাহকজনে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰাৰ লগতে SBI ৰ ঊৰ্ধতন মহলক অভিযোগ দাখিল কৰে৷ উল্লেখ্য যে, বহিঃৰাজ্যৰ হেকাৰৰ চক্ৰ এটাই ৰঙিয়াৰ SBI ৰ ২০ ৰো অধিক গ্ৰাহকৰ একাউণ্টৰ পৰা লাখ লাখ টকা অতি কৌশলেৰে লুটি নিয়ে৷ নিৰাপদ স্থান হিচাবে বেংকত থোৱা কষ্টোপাৰ্জিত সাঁচতীয়া ধন এনেদৰে দুষ্ট চক্ৰই হেক কৰি নিয়াত গ্ৰাহকসকলৰ মাজত হাহাকাৰ লাগে৷ লক্ষণীয় দিশটো হৈছে যে এই ভুক্তভোগীসকলৰ অধিকাংশই চৰকাৰী চাকৰীয়াল৷ ভুক্তভোগী গ্ৰাহকসকলে SBI ৰ সুৰক্ষা ব্যৱস্থাকলৈও প্ৰশ্ন উত্থাপন কৰিছে, বেংকত যদি গ্ৰাহকৰ ধন সুৰক্ষিত নহয় তেন্তে গ্ৰাহকসকলে কাৰ ভৰষাত বেংকত ধন জমা থ’ব বুলি আক্ষেপ প্ৰকাশ কৰিছে৷ এইক্ষেত্ৰত সংশ্লিষ্ট পক্ষক উচিত পদক্ষেপ ল’ বলৈ সচেতন লোকে দাবী জনাইছে৷