ৰঙিয়া, সংবাদ ৩৬৫, ২৬ ফেব্ৰুৱাৰীঃ যি সময়ত একাংশ ছাত্ৰ ছাত্ৰীয়ে মানসিক ভাৰসাম্য হেৰুৱাই আত্মাহত্যাৰ দৰে চৰম পন্থা বাছি লয় তেনে সময়ত ৰঙিয়া মহাবিদ্যালয়ত সোমবাৰে অসম প্ৰেৰণা গোষ্ঠীৰ উদ্যোগত এক মানসিক স্বাস্থ্য সজাগতা সভাৰ আয়োজন কৰা হয়। মানসিক স্বাস্থ্য সজাগতা সভাত উপস্থিত থাকে ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে মনোৰোগ চিকিৎসক ৱাছিম খান, সংগীতা দাস আৰু মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা তথা ছাত্ৰ ছাত্ৰীসকল। মানসিক স্বাস্থ্য সজাগতা সভাখনৰ জৰিয়তে কেনেকৈ মানসিক ভাৰসাম্য হেৰুৱাৰ পৰা নিজকে বচাই চলিব পাৰি, আত্মাহত্যাৰ দৰে কুচিম্তাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি ইয়াৰ ওপৰত আলোচনা কৰা হয়। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকল অধ্যয়নৰ পৰিবৰ্তে দিনে নিশাই মোবাইলত ব্যস্ত হৈ পৰিছে আৰু ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি এই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক উপদেশ প্ৰদান কৰে মনোৰোগ চিকিৎসকসকলে। সভা খনত এক আলোচনা চক্ৰৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰি জীৱন উপভোগ কৰাৰ প্ৰেৰণা দিয়াৰ চেষ্টা কৰা হয়। বৰ্তমান সময়ত এনে ধৰণৰ মানসিক স্বাস্থ্য সজাগতা সভাৰ যথেষ্ট প্ৰয়োজনীয়তা থকা বুলি মনোৰোগ চিকিৎসকসকলে মন্তব্য প্ৰকাশ কৰে।