গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ফেব্ৰুৱাৰীঃ পূৰ্বৰ বনমন্ত্ৰী ৰকিবুল হুছেইনৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰাৰ পিছত কংগ্ৰেছ নেতা অনিল ৰাজা আৰু ৰকিবুল হুছেইনৰ মাজত সৃষ্টি হোৱা সংঘাতক কেন্দ্ৰ কৰি সোমবাৰে গুৱাহাটী ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ এক কৰ্ণধাৰ সমিতিৰ সভাৰ আয়োজন কৰা হয়। কেইবা ঘণ্টা ধৰি চলা এই সভাত কংগ্ৰেছ দলৰ উচ্চ পদস্ত কেইবাজনো নেতাৰ লগতে পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈও উপস্থিত থাকে। সভাত অনিল ৰাজাই কংগ্ৰেছ দলৰ নীতি নিয়ম ভংগ কৰাৰ অপৰাধত অনিল ৰাজাক দলৰ পৰা নিলম্বন কৰা হয়। অনিল ৰাজাৰ লগতে আন কেইবাজনো কংগ্ৰেছীক দলৰ পৰা নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় সভাখনত। আনহাতে ৰাজীৱ ভৱনৰ ভিতৰত কংগ্ৰেছ দলৰ কৰ্ণধাৰ সমিতিৰ সভা চলি থকা সময়তে দুপৰীয়াৰ ভাগত ৰাজীৱ ভৱনৰ বাহিৰত কংগ্ৰেছৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিতৰ সৃষ্টি হয়। অনিল ৰাজা আৰু ৰকিবুল হুছেইনৰ সংঘাতক কেন্দ্ৰ কৰি এই মাৰপিতৰ সৃষ্টি হয়। ভিতৰত সভা চলি থকা সময়ত ৰাজীৱ ভৱনৰ বাহিৰত একাংশ কংগ্ৰেছ কৰ্মীয়ে ৰকিবুল হুছেইন জিন্দাবাদ ধ্বনি দিয়াৰ বিপৰীতে একাংশ কংগ্ৰেছীয়ে ৰকিবুল হুছেইন মূর্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। এটা সময়ত পৰিস্থিতি অধিক উত্তাল হৈ পৰাত এটা ফৈদে আনটোৰ ওপৰত শিল ইটা লৈ আক্ৰমণ চলায়। পৰিস্থিতি অধিক ভয়ানক হোৱাৰ পূৰ্বে ৰাজীৱ ভৱনত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সভাৰ পিছত সংবাদ মাধ্যমক দিয়া মন্ত্যৱত কংগ্ৰেছ দলৰ জেষ্ঠ মুখপাত্ৰ দ্বীজেন শৰ্মাই অনিল ৰাজাসহ কেইবাজনো কংগ্ৰেছী নেতাক দলৰ পৰা নিলম্ব কৰা বুলি জানিবলৈ দিয়ে তেওঁ লগতে কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি দুৰ্বল কৰিবৰ বাবে বিজেপিয়ে কিছুমান লোক নিয়োগ কৰা বুলি অভিযোগ কৰে।