আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৭ ডিচেম্বৰ

শিৱসাগৰত ৰাইজৰ দল আৰু আদিবাসী নেচনেল পাৰ্টিৰ যুটীয়া সংবাদ মেল। সংবাদ মেলত দুয়োটা দলে আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত একেখন মঞ্চৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

দুয়োটা দলে অসমীয়া জাতিৰ স্বাৰ্থত অসমৰ সকলো আঞ্চলিক ৰাজনৈতিক দল সমূহক একেখন মঞ্চৰ পৰাই ২০২১ বর্ষৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি অসম আৰু অসমীয়া বিৰোধী শক্তি সমূহক অসমৰ পৰা উফৰাই পথাবৰ বাবে একত্ৰিত হোৱাৰ আহ্বান জনায়। আনহাতে কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মিত্ৰতাকলৈও সৰৱ হয় ৰাইজৰ দলৰ নেতৃত্ব। কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মিত্ৰতাই অসমীয়া জাতিক ক্ষতি কৰিব বুলি সংবা দমেলখনত মন্তব্য কৰে ৰাইজৰ দলৰ আহ্বায়ক ভাস্ক’ ডি শইকীয়াই।

বিজেপিৰ অপশাসন দূৰ কৰা আৰু কংগ্ৰেছ আৰু এআইইউডিএফৰ অশুভ প্ৰভাৱৰ পৰা অসমীয়া জাতিক ৰক্ষা কৰিবৰ বাবে ৰাইজৰ দল সংকল্পবদ্ধ বুলিও উল্লেখ কয় ভাস্ক’ ডি শইকীয়াই। ৰাইজৰ দল আৰু আদিবাসী নেচনেল পাৰ্টিৰ নেতৃত্বই অহা ৮ ডিচেম্বৰৰ ভাৰত বন্ধলৈ মুকলি সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰে সংবাদ মেলখনত।