কুন্দন ভৰালী

নগাঁও

৭ ডিচেম্বৰ

এইবাৰ নগাঁৱত ওলাইছে কণী চোৰ। কণী চোৰক ৰাইজৰ উত্তম মাধ্যম। কণীৰ কাৰ্টুনৰ পৰা কণী চুৰি কৰি থকা অৱস্থাত ৰাইজে আটক কৰে এজন কণী চোৰক। অন্য এজন চোৰ পলাই যাবলৈ সক্ষম।

বিগত কিছুদিন ধৰি নগাঁও চহৰত চোৰৰ উপদ্ৰৱ অব্যাহত থকাৰ সময়ত এইবাৰ কণী চুৰি কৰিবলৈ গৈ ধৰা পৰিল এজন কণী চোৰ। নগাঁও চহৰৰ ধিং গেটত এখন টেম্পো গাড়ীত থকা কণীৰ কাৰ্টুনৰ পৰা কণী চুৰিৰ চেষ্টা চলাই থকা অৱস্থাত ৰাইজে আটক কৰে চোৰ জনক। কণী চুৰিৰ চেষ্টা কৰি ৰাইজৰ হাতত আটক হোৱা কণী চুৰ জনক নগাঁও চহৰৰ ডিমৰুগুৰিৰ ইক্ৰামূল হুছেইন বুলি জানিব পৰা গৈছে।

কণী চুৰি কাৰ্যত জড়িত থকা ইক্ৰামূল হুছেইনৰ আন এজন সহযোগী ৰাইজৰ হাতৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। ধৃত ইক্ৰামূল হুছেইনক ৰাইজে উত্তম মাধ্যম শোধাই স্থানীয় আৰক্ষীক গতাই দিয়ে।