বঙাইগাঁও, সংবাদ ৩৬৫, ৯ মে’ : বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কচুদোলাত অঘটন৷ ব্ৰহ্মপুত্ৰত মাছ মাৰিব গৈ এজন যুৱকৰ সলিল সমাধি ঘটে৷ তিনি বন্ধুৰসৈতে সনত দাস নামৰ যুৱকজন মাছ মাৰি থকাৰ সময়ত পানীত পৰি মৃত্যু৷

দেশজুৰি লক ডাউন চলি থকাৰ মাজতে শনিবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কচুদোলাত সনত দাস নামৰ এজন যুৱক তিনি বন্ধুৰসৈতে মাছ মাৰিবলৈ গৈ ব্ৰহ্মপুত্ৰ নদীত পৰি সলিল সমাধি ঘটে৷ জানিবলৈ পৰা মতে সনত দাস পানীত পৰাৰ লগে লগে তিনি বন্ধু ৰামনাথ দাস, শ্যামচৰন দাস আৰু চাবলু দাস ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনা সন্দৰ্ভত স্থানীয় কিছুমান ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানিয় ৰাইজৰ সহায়ত সনত দাসৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰি মৰনোন্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

মৃত সনত দাসৰ ভাতৃ মনোজ দাসে অভিযোগ কৰা মতে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড৷ যোগীঘোপাৰ কোচুডোলাৰ নিশিৰাম দাসৰ পুত্ৰ সনত দাসৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।