গুৱাহাটী, সংবাদ ৩৬৫, ২৩ ফেব্ৰুৱাৰী: ৰাজ্যিক মৰ্য্যদাৰে সম্পন্ন কৰা হ’ল বিশিষ্ট ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ অন্তেষ্টিক্ৰিয়া অৱশেষত পঞ্চভূতত বিলিন হ’ল বিশিষ্ট ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ নশ্বৰদেহ। সম্পূৰ্ণ ৰাজ্যিক মৰ্য্যদাৰে দেওবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন কৰা হ’ল তৰনী কান্ত বৰ্মনৰ।

১৯৪২ চনত নলবাৰী জিলাৰ গোৱৰাদলত জম্ম হোৱা তৰনী কান্ত বৰ্মনে ৬০ দশকৰ পৰাই বৰদলৈ ট্ৰফীৰ যোগেদি ফটোগ্ৰাফী আৰম্ভ কৰিছিল। সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা, নুৰুল আমিন, পুলিন দাসৰ সৈতে কাম কৰাৰ সৌভাগ্য হৈছিল তৰনী কান্ত বৰ্মনৰ। প্ৰয়াত বৰ্মনে ১৯৮২ চনৰ নতুন দিল্লীৰ নৱম এছিয়ান গেমছত অফিছিয়েল ফটোগ্ৰাফাৰ হিচাপে কাম কৰাৰ উপৰি ঐতিহাসিক অসম আন্দোলনৰ বিৰল ফটো নিজৰ কেমেৰাত আবদ্ধ কৰিছিল। ১৯৭৪ চনৰ গুৱাহাটীৰ কংগ্ৰেছ মহাসভা আৰু গুৱাহাটীত অনুষ্ঠিত ১৫ খন এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ ফটোগ্ৰাফাৰ আছিল। গুৱাহাটীৰ ফৰেনচিক বিজ্ঞানাগাৰৰ পৰা সহকাৰী বৈজ্ঞানিক হিচাপে অৱসৰ গ্ৰহন কৰা বৰ্মনে নিজৰ সাংবাদিকতা জীৱনত ট্ৰিবিউন গোষ্ঠী, জিএল পাব্লিকেশ্বন আৰু অগ্ৰদূত গোষ্ঠীত কাম কৰিছিল। সম্প্ৰতি গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অফিছিয়েল ফটোগ্ৰাফাৰ তৰনী কান্ত বৰ্মনে নিজৰ সাংবাদিকতা জীৱনত বহু বটা লাভ কৰিবলৈ সক্ষম হৈছিল। বৰ্মনে মৃত্যুৰ সময়ত পত্নী বিনোদা বৰ্মনৰ উপৰি তিনি পুত্ৰ, বোৱাৰী আৰু তিনিগৰাকী নাতি ইহসংসাৰত এৰি থৈ যায়। নিউজ ১৮ৰ জ্যোষ্ঠ ক্ৰীড়া সাংবাদিক বিপুল বৰ্মন হ’ল তৰনী কান্ত বৰ্মনৰ দ্ধিতীয় পুত্ৰ। শনিবাৰে সন্ধিয়া মৃত্যু হোৱা প্ৰয়াত বৰ্মনৰ নশ্বৰদেহ দেওবাৰে পুৱা লৈ যোৱা হৈছিল তেখেতৰ জম্ম স্থান নলবাৰী জিলাৰ গোৱৰাদল গাওলৈ। বৰমাৰ সমিপাৱৰ্তী গোৱৰাদল, বকুৱাজাৰি, আখৰা, ষাঠিকুছি, পদ্মপাৰা, দহকহনীয়া আদি অঞ্চলৰ প্ৰায় ছয় হাজাৰ লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

দেওবাৰে ৰাজ্যিক মৰ্য্যদাৰে অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পূৰ্বে তৰনী কান্ত বৰ্মনৰ নশ্বৰ দেহ ফৰেনচিক বিজ্ঞানাগাৰ, নৰকাসুৰ জ্যোতি সংঘ, মহাৰাণা এথলেটিকছ ক্লাৱ, অসম অলিম্পিক সন্থা, গুৱাহাটী প্ৰেছ ক্লাৱ আৰু গুৱাহাটী ক্ৰীড়া সন্থালৈ নিয়া হয়। তৰনী কান্ত বৰ্মনৰ মৃতুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, পিযুশ হাজৰিকা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওঝা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক নোমল মমিনৰ লগতে অজস্ৰ গুনমুদ্ধই বৰ্মনৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।