গুৱাহাটী, সংবাদ ৩৬৫, ২২ ফেব্ৰুৱাৰী : চিত্ৰৰ পৰা দীৰ্ঘস্থায়ী কাপোৰলৈকে, হস্তনিৰ্মিত সামগ্ৰীৰ পৰা চালৰ যতন আৰু খাদ্য সামগ্ৰীলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ এদল যুৱ আৰু উদীয়মান উদ্যমীয়ে প্ৰস্তত কৰা সামগ্ৰীৰ সম্ভাৰেৰে সন্মিলিত প্ৰচেষ্টাৰে গুৱাহাটীত অনুষ্ঠিত এখনি বিশেষ প্ৰদৰ্শনী ।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত এই কলা আৰু হস্তশিল্প প্ৰদৰ্শনী তথা বিক্ৰীৰ কাৰ্যসূচী অহা ২৩ ফেব্ৰুৱাৰীলৈকে চলিব। কাৰ্যসূচীৰ প্ৰথমদিনা ৰাইজৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছে প্ৰদর্শনীখনে। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই উদ্বোধন কৰা প্ৰদৰ্শনীত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী প্ৰতিভাসম্পন্ন শিল্পীয়ে তেওঁলোকৰ একক বৈশিষ্ট্যপূৰ্ণ সৃষ্টিৰাজী দৰ্শক আৰু কলা অনুৰাগীসকলৰ আগত প্ৰদৰ্শন কৰিছে। প্ৰদৰ্শনীত ব্যৱস্থা কৰা মুঠ ২৬খন বিপনিত অংশগ্ৰহণ কৰা শিল্পীসকল হৈছে প্লাবিতা গগৈ, সোনাক্ষী আগৰৱালা, নুচৰত শইকীয়া, অনিন্দিতা বৰগোঁহাই, স্বাতিকা আগৰৱালা, সম্প্ৰীতি ওজা, প্ৰণামী গোহাঁই, লুকাচ ডেকা, আৰাধনা শৰ্মা, জ্যোতি মানস তালুকদাৰ, ডিম্পী বৰা, বৰ্ণৱ ৰয় চৌধুৰী, এন ই এণ্টাৰপ্ৰাইজ, পদ্ম উৰিখেম্বাম আৰু ইন্দ্ৰানী দত্ত, ছাকিবা মহম্মদ, ছামছিনা লস্কৰ, হিমান্সি চন্দ্ৰা, ঝিল পাতৰীয়া, পিংকু দাস, গীতাঞ্জলি সোনোৱাল, কাশেলি ছুউ, মল্লিকা বুঢ়াগোঁহাই, স্বাতী নেগি, নিশা ছুড়, হিমাদ্ৰী প্ৰতিম আৰু মাৰ্চি বৰকাকতি।

২৩ ফেব্ৰুৱাৰীত অন্ত পৰিব লগীয়া প্ৰদর্শনীখনত প্ৰতিভাসম্পন্ন তথা উদীয়মান শিল্পীসকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰী সমূহে মহানগৰবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।