আজিজুল হক

বৰপেটা

৮ ডিচেম্বৰ

ৰাজ্যৰ নিৱনুৱা সকলক কৰ্মসংস্থাপন দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে লৈছে এক অভিনৱ উদ্যোগ। গ্ৰাম্যাঞ্চলৰ সুচল যাতায়ত আৰু স্বাৱলম্বনৰ এক নতুন দিশ উন্মোচিত কৰাৰ প্ৰয়াসেৰে চৰকাৰে হাতত লৈছে “মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পথ পৰিবহন” আঁচনি। ৰাজ্যৰ লগতে বৰপেটা জিলাতো ২১ গৰাকী নিৰ্বাচিত নিৱনুৱা যুবক-যুৱতীৰ মাজত পঞ্জীয়নভুক্ত তিনিচকীয়া আৰু চাৰিচকীয়া লঘু যান-বাহন বিতৰণ।

আচঁনিখন মঙলবাৰে বৰপেটা জিলাত আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে। বিতৰণ কৰা বাহন সমূহৰ ভিতৰত আছে মাৰুতী এল্টো, ৮০০ কাৰ, ইকো ভেন, মেজিক, ই-ৰিক্সা, অটোৰিক্সা ইত্যাদি। আঁচনিখনৰ অধীনত অসম চৰকাৰে বাহনৰ মূল্যৰ ২৫ শতাংশ অথবা সৰ্বাধিক এক লাখ টকা ৰাজসাহাৰ্য্য হিচাপে প্ৰদান কৰিছে। ৰাজ্যৰ ১০ হাজাৰ খন গাঁৱৰ ১০ হাজাৰ নিবনুৱাক কৰ্মসংস্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই আঁচনিখন গ্ৰহণ কৰিছে। উল্লেখ্য যে বৰপেটাত ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ জৰিয়তে ৮৫০ গৰাকী নিবনুৱাক কৰ্মসংস্থাপনৰ লক্ষ্য গ্ৰহন কৰিছে।

সেই উপলক্ষে বৰপেটা জিলা পুথিভঁৰাল চৌহদত আয়োজিত এখন ৰাজহুৱা সভাত প্ৰদান কৰা ভাষণত বিধায়ক গুণীন্দ্ৰ নাথ দাসে কয় যে, এই গাড়ীবোৰ হিতাধিকাৰী সকলে ভাড়ালৈ নিদি নিজে চলালে নিজৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। তেওঁ প্ৰকৃত নিবনুৱা যুবক-যুৱতী সকলক আঁচনিখনৰ সুবিধা গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। সভাত ভাষণ প্ৰদনা কৰি বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কয় যে, এই আচঁনিখন বৰ্তমান চৰকাৰৰ এখন অন্যতম সুচিন্তিত জনমুখী আঁচনি, ইয়াৰ দ্বাৰা মূলক দুটাকৈ অভিলাষী লক্ষ্য পূৰণ কৰিব বিচৰা হৈছে। গ্ৰাম্যাঞ্চলৰ পথ-যাতায়ত সুচল কৰি তোলাৰ লগতে আচঁনিখনৰ দ্বাৰা নিবনুৱা সকলক আত্মসংস্থাপনৰ সুবিধা দিব বিচৰা হৈছে।

অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাসে কয় যে বৰ্তমান চৰকাৰে জাতি-ধৰ্ম-অঞ্চল নিৰ্বিশেষে সকলোৰে বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰপ্ৰাপ্ত জিলা পৰিবহন বিষয়া হিমাংশু দাসে উদ্দ্যেশ্য ব্যাখ্যা কৰা সভাত জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, অসম শক্তি উৎপাদন প্ৰতিষ্ঠানৰ অন্যতম সঞ্চালক শংকৰ চন্দ্ৰ দাস, অসম ঔদ্যোগিক উন্নয়ন প্ৰতিষ্ঠানৰ উপাধ্যক্ষ জিতু তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত দুলাল দেৱনাথ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, বৰপেটা জিলা শ্ৰমিক ইউনিয়নৰ সভাপতি ৰাধিকা মোহন দাস, বিশিষ্ট সমাজকৰ্মী হেমন্ত দেউৰী আৰু নৱ কুমাৰ দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।