চিৰাং

৮ ডিচেম্বৰ

বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত বিপিএফ দলে ১৭ খন আসন লাভ কৰাৰ কথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যদিও আমি ১৮ খন আসন লাভ কৰিম বুলি দাবী কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই। বিটিচিবাসীয়ে হাগ্ৰামা মহিলাৰীক যি দৰে সঁহাৰি জনালে তাৰ বাবে বিটিচিবাসীক ধন‍্যবাদ জনায় মন্ত্ৰী গৰাকীয়ে। মঙলবাৰে চিৰাং জিলাৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মৰ হৈ উলিওৱা বাইক ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই।

মন্ত্ৰী গৰাকীয়ে কয় যে ইউপিপিএল দলৰ কোনো প্ৰভাৱ নাই আৰু বিজেপি দলৰো কোনো প্ৰভাৱ নপৰিল। ৰাজ‍্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীক বিটিচিবাসীয়ে আৰু বিশ্বাসত নলয় বুলি স্পষ্ট কৰে চন্দন ব্ৰহ্মই। বিশ্বজিৎ দৈমাৰী জানিবুজি ডাষ্টবিনত সোমাল। বিপিএফ দলে দুবাৰকৈ সাংসদ বনোৱা বিশ্বজিৎ দৈমাৰীৰ বিশ্বাসঘাতকতা সকলোৱে বুজি উঠিছে বুলিও কয় মন্ত্ৰী গৰাকীয়ে। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচি গঠন কৰি বিপিএফ দলে উন্নয়ণৰ ধাৰা লৈ কাম কৰি গৈছিল। আজি হিমন্ত বিশ্ব শৰ্মা যিমান দপদপনি কৰি নিৰ্বাচনী প্ৰচাৰ চলালে তেওঁলোকে ক’ত ক’ত জিকিব তাৰ কোনো সঠিক তথ্য নাই। বিজেপিয়ে জিকিব পৰা কোনো সমষ্ঠি দৃষ্টীগোচৰ হোৱা নাই বুলিও কয় চন্দন ব্ৰহ্মই। আমি চাৰি লক্ষাধিক লোকৰ সমাগমেৰে শপতগ্ৰহণৰ আয়োজন কৰিছো যত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিব বুলিও জানিবলৈ দিয়ে চন্দন ব্ৰহ্মই।

কাজলগাঁও পৰিষদীয় সমষ্টীৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মই কয় যে ৰাইজৰ বিপুল সহাৰি লাভ কৰি তেওঁ জয়ী হ’ব। তেওঁৰ কোনো প্ৰতিদ্বন্দী নাথাকে বুলিও কয় প্ৰাৰ্থী গৰাকীয়ে। বিগত সময়ত ইউপিপিএলৰ ৰণগৌৰা নাৰ্জাৰীয়ে ৰাইজক প্ৰৱঞ্চনা কৰাৰ বাবেই আজি সকলো লোক বিপিএফয় মুখী হোৱা বুলিও জনায় প্ৰাৰ্থী গৰাকীয়ে। চিৰাং জিলা সদৰ কাজলগাঁৱৰ উদাংশ্ৰীনি আলাৰি ষ্টেডিয়ামৰ পৰা উলিওৱা বাইক ৰেলী মন্ত্ৰী চন্দন ব্ৰহ্মই নিজে মটৰ চাইকেল চলাই ৰৌমাৰী হৈ সমগ্ৰ কাজলগাঁও সমষ্টি ভ্ৰমণৰ অন্তত শালঝোৰা পথাৰত বাইক ৰেলীৰ অন্ত পেলাই এক সভা অনুষ্টিত কৰে।