গুৱাহাটী : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীত প্ৰচণ্ড শিলাবৃষ্টি। শিলাবৃষ্টিৰ লগতে মহানগৰী গুৱাহাটীক কোবাই যায় তীব্ৰ বেগী বতাহে। প্ৰায় ২০ মিনিট সময় ধৰি মহানগৰীত চলে ধুমহাৰ লগতে শিলাবৃষ্টি।

 

সৰস্বতী পূজাৰ আনন্দৰ মাজতে শনিবাৰে বিয়লিৰ ভাগত মহানগৰী গুৱাহাটীত প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহা। ২০ মিনিট সময় ধৰি চলা প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত মহানগৰীৰ তাপ মাত্ৰা অধিক নিম্নগামী হোৱাত শীতৰ প্ৰকোপ বৃদ্ধি পায়।

শিলাবৃষ্টি আৰু ধুমুহা চলি থকা সময়ত মহানগৰী গুৱাহাটী সম্পূৰ্ণ স্তব্ধ হৈ পৰা পৰিলক্ষিত হয়। শিলাবৃষ্টিৰ পিছতে মহানগৰীৰ ৰাজপথ সমূহ বৰফেৰে বগা হৈ পৰে। ঠায়ে ঠায়ে বৰফৰ দম আৰু মুকলি ঠাই বোৰ বৰফে আৱৰি ধৰাত সম্পূৰ্ণ বগা হৈ পৰে।

মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে বিয়লিৰ ভাগত প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহা আহে। শিলাবৃষ্টিৰ ফলত বিভিন্ন অঞ্চলত খেতিপথাৰত শস্যৰ ব্যাপক ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত শিলাবৃষ্টিৰ আগজাননী দিছিল।