গুৱাহাটী, সংবাদ ৩৬৫, ২২ মাৰ্চ: যোৰহাটস্থিত মহিলা বিশ্ববিদ্যালয়খনক কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে বৃস্পতিবাৰেও অব্যাহত আছে প্ৰতিবাদ। চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদত বৃহস্পতিবাৰে যোৰহাট জিলাৰ টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই ৩৭ নং ৰাষ্ট্রীয় ঘাই পথৰ ওপৰত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে। শতাধিক ছাত্ৰ ছাত্ৰীয়ে চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। ছাত্ৰ ছাত্ৰী সকলে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এই কাৰ্যৰ বাবে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। টীয়ক লগতে যোৰহাট জিলাৰ মৰিয়নীতো চৰকাৰৰ এই সিদ্ধান্ত ক্ষোভিত হৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী গ্ৰহণ কৰে। ক্ষোভিত ছাত্ৰ ছাত্ৰী সকলে শিক্ষামন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে হিমন্ত বিশ্ব লেই লেই, চেই চেই, শিক্ষামন্ত্ৰী গ বেক, অসম চৰকাৰ মূর্দাবাদ শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। আনহাতে গোলাঘাট জিলাৰ বোকাখাটৰ জিডিএছজি মহাবিদ্যালয়ৰ ছাত্ৰ গোট আৰু ছাত্ৰ একতা সভাই চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে এক প্ৰতিবাদী সমদল উলিয়াই চহৰৰ মাজেৰে যাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়, দেৱৰাজ ৰয় মহাবিদ্যালয় আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ছাত্র সন্থাই গোলাঘাট উপায়ুক্ত কাৰ্যালয় সমীপত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি মহিলা বিশ্ববিদ্যালয় প্ৰত্যাহাৰৰ সিদ্ধান্ত অতি শীঘ্ৰে বাতিলৰ দাবী জনায়