গুৱাহাটী, সংবাদ ৩৬৫, ২৬ জানুৱাৰী : অহা ২৭ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ গুজৰাটত হ’বলগীয়া ৰাষ্ট্ৰীয় জুনিয়ৰ বেছবল চেম্পিয়নশ্বিপৰ বাবে ৰাওনা হৈছে অসমৰ দল ৷ শুকুৰবাৰে গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ৰাওনা হয় অসমৰ ৩৬ জনীয়া দলটো ৷

মংগলদৈৰ খাৰুপেটীয়াত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি নিৰ্বাচিত কৰা হৈছিল এই খেলুৱৈসকলক ৷ উল্লেখযোগ্য যে বেছবলত ভাৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰেংকিঙত ১৩ নম্বৰ স্থানত আছে ।

পৰ্যাপ্ত আন্তঃগাঠনি নোহোৱা স্বত্বেও প্ৰতিভাৱান খেলুৱৈসকলে বিভিন্ন পৰ্যায়ত জিলিকিবলৈ সক্ষম হৈছে

ইফালে বেছবলৰ প্ৰশিক্ষণৰ বাবে এখন উপযুক্ত খেলপথাৰৰ ব্যৱস্থা কৰি দিয়াৰ বাবে চৰকাৰক আহ্বান জনায় অসম বেছবল সন্থাৰ সম্পাদিকা আছমা বেগমে ৷ তেখেতে কয় যে চৰকাৰে উপযুক্ত সুবিধা প্ৰদান কৰিলে বেছবলত অসমক আৰু অধিক আগুৱাই নিবলৈ সক্ষম হ’ব ।

ৰে’ল আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আবু চুফিয়ানে অসম দলটো ৰাওনা হোৱাৰ পূৰ্বে খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰে ।