গুৱাহাটী, সংবাদ ৩৬৫, ২৬ জানুৱাৰী : দেশৰ ভিন্ন প্ৰান্তৰ লগতে সাংবাদিক আৰু দেশপ্ৰেমিকৰ উপস্থিতিত গুৱাহাটী প্ৰেছ ক্লাবত উদ্‌যাপন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস।

জাতীয় পতাকা উত্তোলনেৰে আৰম্ভ হোৱা  আজিৰ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰামন বৰাই ত্ৰিৰঙ্গ পতাকা উত্তোলন কৰাৰ পিছত গুৱাহাটী প্ৰেছ  ক্লাবৰ পৰা এক শোভাযাত্ৰা উলিওৱা হয়।

পতাকা উত্তোলন কৰি জ্যেষ্ঠ সাংবাদিক ৰামন বৰাই কয় যে দেশৰ স্বতন্ত্ৰতা আৰু একতাৰ বাবে আমি সদায় দেশ তথা জাতীয় পতাকাক সন্মান জনাই যাব লাগিব।

অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱাই  দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ-বীৰাংগনা সকলক সন্মান জনোৱাৰ লগতে গণৰাজ্য দিৱসৰ তাৎপৰ্য
সম্পৰ্কে বক্তব্য আগবঢ়ায়।

গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক নৱ ঠাকুৰীয়াই আঁতধৰা অনুষ্ঠানত পদ্মশ্ৰী অজয় দত্ত , প্ৰমোদ কলিতা, ৰমেন কুমাৰ
গোস্বামী, দীপাংকৰ দেৱ শৰ্মা,  কৈলাশ শৰ্মা, জগদীন্দ্ৰ ৰায় চৌধুৰী , বসন্ত বৰঠাকুৰ ,  প্ৰদীপ ঠাকুৰীয়া , শেৱালী কলিতা ,  ভূস্মিতা ডেকা , অনিৰ্বাণ চৌধুৰী, বলদেৱ পাণ্ডে , মহেশ চৌধুৰী , প্ৰাঞ্জল মজুমদাৰ ,  হিৰক জ্যোতি ভট্ট প্ৰমুখ্যে সাংবাদিক আৰু বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে ৷