মুস্তক আহমেদ

জুৰীয়া

১২ ডিচেম্বৰ

ৰূপহীহাটৰ আৰক্ষীৰ অভিযানত জব্দ লক্ষাধিক টকা মূল্যৰ নিচাজাতীয় টেবলেট। আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ যুটীয়া অভিযানত জব্দ নিচাজাতীয় টেবলেট। নিচাজাতীয় সামগ্ৰীৰ ঘটিত পৰিণত হোৱা নগাঁও জিলাত আৰক্ষীয়ে ঘোষণা কৰিছে নিচাজাতীয় সামগ্ৰীৰৰ বিৰুদ্ধে জেহাদ।

নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সফল অভিযান। ৰূপহীহাট আৰক্ষীয়ে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই লক্ষাধিক টকাৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে ৰূপহী তিনিআলি গাঁওৰক্ষী বাহিনীৰ সহযোগত জব্দ কৰে নিচাজাতীয় টেবলেট সমূহ। উল্লেখযোগ্য যে যুৱ প্ৰজন্মক তিলতিলকৈ ধ্বংসৰ মূখলৈ ঠেলি দিয়া নিচাজাতীয় টেবলেটৰ অবৈধ বেহা ৰূপহীহাটৰ বিভিন্ন অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে।

উল্লেখ্য যে বিগত কিছদিন ধৰি নগাঁও আৰক্ষীয়ে সমগ্ৰ জিলাখনতে নিচাজাতীয় সামগ্রীৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে। আৰক্ষীয়ে শেহতীয়াকৈ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে কেইবাগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।