নৱজ্যোতি বৰুৱা

চামগুৰি

১৩ ডিচেম্বৰ

নগাঁৱৰ চামগুৰিৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱত। চামগুৰিৰ হাঁহচৰা আৰু বৰালীগাঁৱৰ পথাৰত দিন দুপৰতে বনৰীয়া হাতীৰ মুক্ত বিচৰণে কৃষক ৰাইজক বিপদত পেলাইছে। বনৰীয়া হাতীয়ে পকা ধান খাই তহিলং কৰিছে খেতি পথাৰ।

নগাঁও জিলাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাইছে। বিশেষকৈ পথাৰৰ ধান পকিবলৈ ধৰাত জনাঞ্চলৰ পৰা বনৰীয়া হাতীৰ জাক ওলাই আহি পকা ধান খাই তহিলং কৰিছে পথাৰ। জিলাখনৰ চামগুৰিৰ অন্তৰ্গত হাঁহচৰা আৰু বৰালীগাঁৱৰ খেতি পথাৰ সমূহত দিন দুপৰতে মুক্ত ভাৱে বিচৰণ কৰিছে বনৰীয়া হাতী জাকে। বনৰীয়া হাতীৰ উপদ্ৰৱৰ মাজতো হাঁহচৰা আৰু বৰালীগাঁৱৰ পথাৰ সমূহত অধিকাংশ খেতি কৃষকে চপাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও একাংশ খেতি পথাৰ বনৰীয়া হাতীৰ জাকে ইতিমধ্যে তহিলং কৰিছে। ৰাইজৰ হাজাৰ বাধাকো নেওচি দিন-ৰাতি একাকাৰ কৰি বনৰীয়া হাতীৰ জাকে পথাৰ ধান খাবলৈ প্ৰৱেশ কৰে হাঁহচৰা বৰালীগাঁৱৰ পথাৰ সমূহত।

হাঁহচৰা বৰালীগাঁৱৰ সমান্তৰালে গেন্ধালি মাজৰ-আটি গাঁৱতো বনৰীয়া হাতীৰ জাকে দিন দুপৰতে সঘনাই কৰি থকা উপদ্ৰৱে একপ্ৰকাৰ ৰাইজক আতংকিত কৰি তুলিছে। ইফালে এই সন্দৰ্ভত ৰাইজে বন বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পিছতো হাতী খেদিবলৈ বিভিন্ন অজুহাত দেখুৱাই বন বিভাগৰ লোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।