গুৱাহাটী : ড্ৰাগছ বিৰোধী অভিযানত মহানগৰ আৰক্ষীৰ আন এক বৃহৎ সাফল্য। মহানগৰ আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰিলে ৫০০ গ্ৰাম হেৰ’ইন আৰু ৩০ হাজাৰ নিচাজাতীয়া টেবলেট। জব্দকৃত হেৰ’ইন আৰু নিচাজাতীয়া টেবলেটখিনিৰ বজাৰ মূল্য ২৩ কোটি টকা বুলি আৰক্ষীয়ে অনুমান কৰিছে।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ। ইফালে গুৱাহাটী মহানগৰ আৰক্ষীয়ে মহানগৰীৰ মাজেৰে বহিঃৰাজ্যলৈ ড্ৰাগছ সৰবৰাহৰ পথ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

মহানগৰী গুৱাহাটীৰ মাজেৰে যাতে কোনো ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহ কৰিব নোৱাৰে এই ক্ষেত্ৰত মহানগৰ আৰক্ষী কঠোৰ হৈছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহ চেষ্টা চলাই গৈছে। পুনৰ গুৱাহাটীৰ মাজেৰে বহিঃৰাজ্যলৈ ড্ৰাগছ সৰবৰাহৰ এক প্ৰচেষ্টাক বিফল কৰিলে মহানগৰ আৰক্ষীয়ে।

এক গোপন খবৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে যোৰাবাটৰ অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে ৫০০ গ্ৰাম হেৰ’ইন আৰু ৩০ হাজাৰ নিচাজাতীয়া টেবলেট। এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি এএছ-০১-ইচি-৭৮২৯ নম্বৰৰ ট্ৰাক এখনেৰে মণিপুৰৰ পৰা উত্তৰ ভাৰতলৈ সৰবৰাহৰ কৰি থকা অৱস্থাত যোৰাবাটত ধৰা পৰে। জব্দকৃত হেৰ’ইন আৰু টেবলেটখিনিৰ বজাৰ মূল্য ২৩ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

অভিযানকাৰী আৰক্ষীৰ দলটোৱে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন আব্দুল গফুৰ আৰু ইলিয়াছ খান বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰীয়ে ট্ৰাকখনত অতি কৌশলেৰে ড্ৰাগছখিনি লুকুৰাই আনিছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে।