আজিজ আলী
মুকালমুৱা : মুকালমুৱাৰ মাদলাবড়ীত চাঞ্চল্যকৰ ডকাইতিকাণ্ড। দিন দুপৰতে এজন ব্যৱসায়ীৰ পৰা ডকাইতৰ দলে লুটি নিলে ধন। ৬ জনীয়া ডকাইতৰ দলে এজন ব্যৱসায়ীৰ পৰা লুটি নিলে ১ লাখ ৭০ হাজাৰ টকা।

নলবাৰী জিলাৰ মুকালমুৱাৰ মাদলাবড়ীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। ৬ জনীয়া ডকাইতৰ দলে এজন ব্যৱসায়ীৰ পৰা ১ লাখ ৭০ হাজাৰ টকা লুটি নিয়ে। এই চাঞ্চল্যকৰ।ডকাইতৰ ঘটনা সন্দৰ্ভত আদাবাৰী পহৰা চকীত এজাহাৰ দাখিল কৰিছে ব্যৱসায়ীজনে।

পিষ্টল দেখুৱাই ৬ জনীয়া ডকাইতৰ দলটোৱে ব্যৱসায়ীজনৰ পৰা ১ লাখ ৭০ হাজাৰ টকা লুটি নিয়ে বুলি ব্যৱসায়ীজনে জানিবলৈ দিয়ে।
আব্দুৰ ৰহমান নামৰ ব্যৱসায়ীজনে ভাতৃৰ সৈতে নগদ ধনখিনি লৈ লোহাৰকাঠাত থকা তেওঁৰ দোকানলৈ দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাত মাদলাবড়ীত সংঘটিত হয় ডকাইতিকাণ্ড।

লোহাৰকাঠাৰ ওচৰৰে মাদলাবড়ীত আব্দুৰ ৰহমান আৰু তেওঁৰ ভাতৃ গৈ থকা দুচকীয়া বাহনখন ডকাইতৰ দলটোৱে অহা আন এখন দুখন দুচকীয়া বাহনেৰে খুন্দিয়াই পেলাই দিয়ে। ডকাইতৰ দলটোৱে আব্দুৰ ৰহমানক মুকলি ঠাইলৈ নি পিষ্টল দেখুৱাই ভাৱুকি দিয়াৰ লগতে মাৰধৰ কৰি ১ লাখ ৭০ হাজাৰ টকা লুটি লৈ যায় বুলি জানিবলৈ দিয়ে আব্দুৰ ৰহমানে।