কোকৰাঝাৰ : কোকৰাঝাৰ আৰক্ষীৰ গুলী চালনা। কুখ্যাত চিলনী চোৰক গুলীয়ালে কোকৰাঝাৰ আৰক্ষীয়ে। কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত বিহাৰৰ কুখ্যাত চিলনী চোৰ বিনয় দাস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধন লুটি নিয়াৰ ঘটনাৰ লগত জড়িত আছিল বিনয় দাস। কিছুদিন পূৰ্বে কোকৰাঝাৰত এজন ঠিকাদাৰৰ পৰা লুটি নিছিল ৬ লাখ টকা।

কুখ্যাত চিলনী চোৰ বিনয় দাস কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত হৈছে। বিনয় দাসৰ ভৰিত লাগিছে কোকৰাঝাৰ আৰক্ষীৰ গুলী। মঙলবাৰে নিশাৰ ভাগত কোকৰাঝাৰ আৰক্ষীয়ে বিনয় দাসে লুটি নিয়া টকাৰ বেগ উদ্ধাৰ কৰিবলৈ বিনয় দাসক লগত লৈ অভিযান চলাবলৈ গৈছে। টকাৰ বেগ উদ্ধাৰ কৰি উভতি আহি থকা অৱস্থাত বিনয় দাসে কোকৰাঝাৰ আৰক্ষী পৰিদৰ্শক আমিৰুল হুছেইনৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলায়।

আৰক্ষীয়ে চিলনী চোৰ বিনয় দাসক আটক কৰিবলৈ গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলী বিনয় দাসৰ ভৰিত লাগে আৰু আৰক্ষীয়ে বিনয় দাসক আটক কৰি কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰে। বালাজান-কাৰিগাঁও পথত সংঘটিত হয় এই ঘটনা। চিলনী চোৰ বিনয় দাসে যোৱা ২২ কোকৰাঝাৰ এক্সিছ বেংকৰ সন্মুখৰ পৰা এজন ঠিকাদাৰৰ পৰা ৬ লাখ টকা লুটি নিছিল।

কুখ্যাত চিলনী চোৰ বিনয় দাস কেইবাটাও ধন লুটি নিয়াৰ ঘটনাৰ লগত জড়িত আছিল। মহানগৰী গুৱাহাটীৰ লগতে মেঘালয়ৰ বৰ্ণিহাটৰ পৰাও ধন লুটি নিছিল চিলনী চোৰ বিনয় দাস। বৰ্ণিহাটত ধন লুটি নিয়াৰ চেষ্টা চলাই ৰাইজৰ হাতত আটক হৈছিল বিনয় দাস। পৰৱৰ্তী সময়ত মেঘালয়ৰ আৰক্ষীয়ে গুৱাহাটী আৰক্ষীক আৰু গুৱাহাটী আৰক্ষীয়ে কোকৰাঝাৰ আৰক্ষীক গতাই দিছিল বিনয় দাসক।