মানকাচৰ : অসম চৰকাৰে ৫ জনগোষ্ঠীক খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদানত হাটশিঙিমাৰীত গৰিয়া, মৰিয়া, দেশী জাতীয় পৰিষদৰ আনন্দ উল্লাস। অসম চৰকাৰৰ কেবিনেট বৈঠকত মঙলবাৰে ৫ জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰা পিছতেই দক্ষিণ শালমাৰা-মানকাচৰ জিলা গৰীয়া, মৰীয়া, দেশী জাতীয় পৰিষদৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক অভিনন্দনৰ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

উল্লেখযোগ্য যে অসম চৰকাৰৰ এই সিদ্ধান্তৰ ফলত দক্ষিণ শালমাৰা-মানকাচৰ জিলাখনৰ দেশী জনগোষ্ঠীৰ লোক সকলে এতিয়াৰ পৰা আৰু “ডি” ভোটাৰৰ সমস্যা, বাংলাদেশী সমস্যা তথা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা নাম বাদ পৰা সমস্যাৰ পৰা মুক্ত হ’ল বুলি সংগঠনটোৱে আশ্বস্ত বোধ কৰিছে। লগতে বিশেষ জৰীপৰ দ্বাৰা এই খিলঞ্জীয়া জনগোষ্ঠী কেইটাক চিনাক্তকৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায় শালমাৰা-মানকাচৰ জিলা গৰিয়া, মৰিয়া, দেশী জাতীয় পৰিষদে।

তদুপৰি দেশী উন্নয়ন পৰিষদ গঠন তথা অন্য দাবী সমূহও শীঘ্ৰে পূৰণ কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনায় দক্ষিণ শালমাৰা-মানকাচৰ জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে। ইফালে অসম চৰকাৰৰ এই সিদ্ধান্তক গৰিয়া উন্নয়ন পৰিষদে এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰে। পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদে বুধবাৰে গুৱাহাটীত এক সংবাদ মেলত কয় যে এই সিদ্ধান্তই সকলো মুছলমানক একাকাৰ কৰা ষড়যন্ত্ৰৰ পৰা জনগোষ্ঠী কেইটাক উদ্ধাৰ কৰিলে।