গুৱাহাটী : ৰাজ্যৰ অন্যতম আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড ব্লেক টাইগাৰ চিমেণ্টে শেহতীয়াকৈ উপভোক্তা সকলৰ বাবে “টাইগাৰ ১০ কা দম” শীৰ্ষক এক আঁচনি লৈ আহিছে। এই আঁচনিখনে ব্লেক টাইগাৰ চিমেণ্টৰ প্ৰতিটো চিমেণ্ট বেগত নগদ ১০ টকাৰ পুৰস্কাৰ আৰু লগতে ভাগ্যৱান গ্ৰাহক সকলৰ বাবে মটৰ চাইকেল, ৱাছিং মেচিন আৰু অন্যান্য বিভিন্ন আকৰ্ষণীয় পুৰস্কাৰ জিকাৰ সম্ভাৱনা নিশ্চিত কৰিব। উল্লেখ্য যে ” টাইগাৰ ১০ কা দম” আঁচনি মুকলি হোৱাৰ মাত্ৰ এমাহ পিছত, এই আঁচনিখন ইতিমধ্যে উত্তৰ-পূবৰ বজাৰৰ ছগৰাকী গ্ৰাহকৰ বাবে ভাগ্যৱান প্ৰমাণিত হৈছে।

বঙাইগাঁৱৰ মিস্ত্ৰি মোবাৰাক আলীয়ে মেচাৰ্ছ আৰএন এণ্টাৰপ্ৰাইজৰ পৰা ব্লেক টাইগাৰ চিমেণ্টৰ বেগ ক্ৰয় কৰি ৱাছিং মেচিন জয় কৰিবলৈ সক্ষম হৈছে। আনহাতে উত্তৰ ত্ৰিপুৰাৰ কাঞ্চনপুৰৰ মিস্ত্ৰী পাণ্ডৱ চন্দ্ৰ নাথ, কামৰূপ গ্ৰাম্য জিলাৰ গৃহ নিৰ্মাতা ৰুবুল আলি, মাজুলীৰ মিস্ত্ৰি টংকেশ্বৰ পায়েং, কাছাৰৰ পৃথ্বীৰাজ পালে ইতিমধ্যে প্ৰেছাৰ কুকাৰ লাভ কৰিছে। এই উদ্যোগ সন্দৰ্ভত মন্তব্য কৰি গোল্ডষ্টোন চিমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক সঞ্জয় কুমাৰ গুপ্তাই কয়, “টাইগাৰ ১০ কা দম”ৰ এই নতুন উপভোক্তা আঁচনিখন মুকলি কৰি আমি অতি আনন্দিত। উপভোক্তা আঁচনিৰ আঁৰৰ ধাৰণাটো হ’ল ব্লেক টাইগাৰ চিমেণ্ট ব্ৰেণ্ডৰ প্ৰতি গ্ৰাহকৰ আনন্দ, সন্তুষ্টি আৰু আনুগত্য সৃষ্টি কৰা।

তেওঁ লগতে কয় যে আৰম্ভণিৰ পৰা আজিলৈকে ব্লেক টাইগাৰ চিমেণ্টে অসম আৰু উত্তৰ-পূৱৰ লোক সকলৰ পৰা সদায় প্ৰচুৰ মৰম আৰু সঁহাৰি লাভ কৰি আহিছে, আৰু “টাইগাৰ ১০ কা দম” হৈছে ইয়াৰ প্ৰতিদান দিয়া আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ বাবে আমাৰ এক সামান্য প্ৰয়াস’, সঞ্জয় কুমাৰ গুপ্তাই কয়। সঞ্জয় কুমাৰ গুপ্তাই লগতে কয় যে গ্ৰাহক সকলে কেৱল মটৰ চাইকেলেই নহয়, টেলিভিশ্যন ছেট, ৰেফ্ৰিজেৰেটৰ আৰু আন বহুতো ৰোমাঞ্চকৰ উপহাৰ জিকাৰো সুযোগ আছে। তদুপৰি, “টাইগাৰ ১০ কা দম” আঁচনিৰ প্ৰতিটো ব্লেক টাইগাৰ চিমেণ্টৰ বেগতেই একোটিকৈ নিশ্চিত উপহাৰ আছে, যাৰ ফলস্বৰূপে ব্ৰেণ্ডটোৰ গ্ৰাহক সকলে সমগ্ৰ অঞ্চলটোত এই পদক্ষেপৰ প্ৰশংসা কৰিছে।

“টাইগাৰ ১০ কা দম” আঁচনিৰ বিজয়ী সকলে কয় যে তেওঁলোকে লাভ কৰা বিজয়ী কুপনবোৰ তেওঁলোকে নিৰ্মাণৰ কামৰ বাবে ক্ৰয় কৰা ৫০০ চিমেণ্টৰ বেগৰ ভিতৰতে আছিল। বিজয়ী সকলে লগতে কয় যে ৱাছিং মেচিনৰ উপৰিও তেওঁলোকে “টাইগাৰ ১০ কা দম” আঁচনিৰ জৰিয়তে আন কেইবাটাও উপহাৰ আৰু নগদ পুৰস্কাৰ লাভ কৰিছে। উল্লেখ্য যে “টাইগাৰ ১০ কা দম” প্ৰচাৰৰ অংশ হ’বলৈ, সকলো গ্ৰাহকে প্ৰমোৰ সময়ত ব্লেক টাইগাৰ চিমেণ্টৰ যিকোনো প্ৰমো বেগ ক্ৰয় কৰিব লাগিব, বেগত সুমুৱাই দিয়া কুপনটো বাছনি কৰিব লাগিব আৰু তেওঁলোকৰ নিকটতম ব্লেক টাইগাৰ চিমেণ্ট ৰিটেইলাৰৰ পৰা নগদ ধন আৰু অন্যান্য নিশ্চিত পুৰস্কাৰ সংগ্ৰহ কৰিব লাগিব।