দক্ষিণ শালমাৰা : বানৰ পিছত দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। ৮২ বছৰীয়া ঐতিহাসিক হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয় খহনীয়াৰ কবলত। এমাহৰ ভিতৰতে শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ, কৃষি ভূমি জাহ গৈছে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত। দক্ষিণ শালমাৰাত ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই। বানৰ সময়ৰে পৰা আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া বানৰ পিছত কালৰূপ ধাৰণ কৰিছে। দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ অঞ্চলতে এমাহৰ ভিতৰত শতাধিক পৰিয়ালৰ মাটি-ভেটি আৰু শ শ বিঘা কৃষি ভূমি জাহ গৈছে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত।

কি দিন কি ৰাতি, প্ৰতিটো মুহূৰ্ততে ব্ৰহ্মপুত্ৰ নদীৰ পৰাত এতিয়া খহনীয়াৰ তৰ্জন গর্জন শব্দ শুনিবলৈ পোৱা যায়। এফালৰ পৰা ভাঙিছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত ফকিৰগঞ্জ অঞ্চলৰ নৈপৰীয়া ৰাইজ আতংকিত হৈ পৰিছে। ইফালে ১৯৪১ চনত ফকিৰগঞ্জত স্থাপন কৰা ঐতিহাসিক হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্তিত্ব সংকটত পৰিছে। ৮২ বছৰীয়া বিদ্যালয়খনত বৰ্তমান অঞ্চলটোৰ প্ৰায় ডেৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আছে। বিদ্যালয়খনৰ পৰা ব্ৰহ্মপুত্ৰ নদী এতিয়া মাত্ৰ ২০ মিটাৰ নিলগত। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ভয়াবহতা এইদৰে অব্যাহত থাকিলে এই বিদ্যালয়খন নদীৰ বুকুত জাহ যোৱাটো নিশ্চিত।ফলত এতিয়া ডেৰ সহস্ৰাধিক শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে।

বিদ্যালয়খনৰ আশে পাশে থকা একাংশ পৰিয়াল গৰাখহনীয়াৰ কবলত পৰি নিৰাপদ স্থানলৈ নিজৰ মৰমৰ ঘৰখন নিজ হাতেৰে ভাঙি স্থানান্তৰ কৰিব লগীয়া হৈছে। ঠাইৰ অভাৱত একাংশই ৰাস্তাৰ কাষতে পেলাই থৈছে নিজৰ সপোনৰ ভঙা ঘৰখন। অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ইতিমধ্যে কেবাকোটি টকা আবন্টন দিছিল যদিও চৰকাৰী ধনৰ সঠিক ব্যৱহাৰ নোহোৱাৰ ফলত এইদৰে এফালৰ পৰা নদীৰ বুকুত বিলীন হৈছে ফকিৰগঞ্জ অঞ্চল। কেৱল হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনেই নহয়, ফকিৰগঞ্জ আৰক্ষী থানা, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, আদৰ্শ চিকিৎসালয়ৰ লগতে বহু কেইটা চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ফকিৰগঞ্জ ঐতিহাসিক বজাৰ নদীৰ বুকুত বিলীন হোৱাৰ দিশত।