গৰৈমাৰী : কুখ্যাত নাৰী দেহৰ ব্যৱসায়ী দানেছ আলীক গ্ৰেপ্তাৰ। কামৰূপ আৰক্ষী মূৰৰ কামোৰণী নাৰী দেহৰ ব্যৱসায়ী চক্ৰৰ কুখ্যাত সদস্য দানেছ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গৰৈমাৰীৰ জোৰশিমুলী আৰক্ষী। জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হয় দানেছ আলী।

বহিঃৰাজ্যত কাম দিয়াৰ চলেৰে সহজ-সৰল কিশোৰী-যুৱতীক প্ৰেমৰ জালত পেলাই দানেছ আলীৰ লগত থকা কেবাজনো সংগীয়ে গৰৈমাৰী অঞ্চলকে ধৰি ৰাজ্যৰ কেবাটাও প্ৰান্তৰ পৰা প্ৰায় অৰ্ধ শতাধিক কিশোৰী-যুৱতীক বহিঃৰাজ্যৰ হাৰিয়ানাত বিক্ৰী কৰি ব্যৱসায় চলাই আহিছিল। দেওবাৰে নিশা জোৰশিমুলী আৰক্ষীয়ে চাম্পুপাৰা বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত নাৰী ব্যৱসায়ী দানেছ আলীক।

উল্লেখ্য যে, বিগত প্ৰায় ডেৰ মাহ পুৰ্বে দানেছ আলীয়ে এগৰাকী যুৱতীক বহিঃৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে হাৰিয়ানাত বিক্ৰী কৰিছিল৷ ডেৰ মাহ পিছত যুৱতী গৰাকীয়ে হাৰিয়ানাৰ পৰা অসমলৈ পলাই আহিবলৈ সক্ষম হৈছিল। হাৰিয়ানাৰ পৰা পলাই আহি যুৱতী গৰাকী আৰক্ষীৰ কাষ চাপিছিল। যুৱতী গৰাকীৰ সহযোগত জোৰশিমুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুখ্যাত নাৰী ব্যৱসায়ী দানেছ আলীক।