ডিব্ৰুগড়, ২৭ এপ্ৰিল : ডিব্ৰুগড়ত উপস্থিত খালিস্তানী নেতা সকলৰ পৰিয়ালৰ লোক। পাঞ্জাৱৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হৈছে খালিস্তানী নেতা সকলৰ পৰিয়ালৰ ১০ জনীয়া দলটো (10 members of Khalistani Leaders Family)। ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী  অমৃতপাল সিঙসহ কেইবাজনো খালিস্তানী নেতা।

বৃহস্পতিবাৰে (২৭ এপ্ৰিল) অসমৰ ডিব্ৰুগড় জিলাৰ কাৰাগাৰত বন্দী হৈ থকা ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙসহ অন্য খালিস্তানী নেতাৰ (Amritpal Singh and other Khalistani Leaders) পৰিয়ালৰ এটা ১০ জনীয়া দল ডিব্ৰুগড়ত উপস্থিত হয়। কাৰাবন্দী হৈ থকা খালিস্তানী নেতা সকলক সাক্ষাৎ কৰিবলৈ দলটো পাঞ্জাৱৰ অমৃতসৰৰ পৰা আহি পুৱাৰ ভাগত ডিব্ৰুগড়ৰৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয়।

খালিস্তানী নেতা সকলক পৰিয়ালৰ দলটো মোহনবাৰী বিমানবন্দৰৰ (Mohanbari Airport of Dibrugarh) পৰা পোনে পোনে ৰাওনা হয় ডিব্ৰুগড় কাৰাগাৰলৈ। দলটোত কেইবাগৰকী মহিলা সদস্যৰ লগতে আছে  অমৃতপাল সিঙৰ পিতৃ, শিৰোমণি গুৰুদোৱাৰ প্ৰৱন্ধক সমিতি আৰু অধিবক্তা। দলটো ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পিছতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলা পৰিলক্ষিত হয়।

দলটো ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিতিত (Reach Dibrugarh Central Jail) দলটোৰ এজন এজন সদস্যক কাৰাগাৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰে। প্রতিজন সদস্যক তন্ন তন্ন কৈ পৰীক্ষা কৰে আৰক্ষীয়ে। প্ৰথম খালিস্তানী নেতা সকলৰ অধিবক্তা কাৰাগাৰৰ ভিতৰলৈ যাবলৈ দিয়া হয় ইয়াৰ পিছতে আন সদ্যক সকলক প্ৰৱেশৰ অনুমতি প্রদান কৰা হয়।

দলটোক কাৰাগাৰৰ ভিতৰত কোনো ধৰণৰ সামগ্ৰী নিবলৈ দিয়া নহয়। আৰক্ষীয়ে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সমীপত কোনো ধৰণৰ যাত্ৰীবাহী বাহন ৰাখিবলৈ দিয়া নাই (No vhicle allow near Dibrugarh Jail)। যোৱা ২০ এপ্ৰিল তাৰিখে খালিস্তানী নেতা দলজিৎ সিঙৰ পৰিয়ালৰ দুজন সদস্যই ডিব্ৰুগড় কাৰাগাৰত উপস্থিত হৈ দলজিৎ সিঙক সাক্ষাৎ কৰিছিল। উল্লেখ্য যে ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙক আত্মসমৰ্পণ কৰাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

পাঞ্জাৱৰ মোগাৰ পৰা ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ পিছতে অমৃতপাল সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ আন হৈছিল। অমৃতপাল সিঙৰ ওপৰত এন এছ এ লগাই থোৱা আছে। যোৱা ১৮ মাৰ্চৰ পৰা অমৃতপাল সিঙৰ লগতে সহযোগী সকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল।

অমৃতপাল সিঙ পৃথক খালিস্তানৰ দাবী জনাই আহিছিল। অমৃতপাল সিঙ যোৱা ২৩ ফেব্ৰুৱাৰীৰ পৰা চৰ্চিত হৈ পৰে। ২৩ ফেব্ৰুৱাৰীত পাঞ্জাৱ অজনলা জেলত বন্দী হৈ থকা সহযোগী সকলক মুকলি কৰাৰ বাবে অমৃতপাল সিঙে আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল। ইয়াৰ পিছতে অমৃতপাল সিঙৰ লগতে সহযোগী সকলৰ বিৰুদ্ধে আৰক্ষী সক্ৰিয় হৈ পৰিছিল। বৃহস্পতিবাৰে (২১ এপ্ৰিল) অমৃতসৰ বিমানবন্দৰৰ পৰা আটক কৰা হৈছিল অমৃতপাল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰক।