শিলচৰ, ২৬ এপ্ৰিল : এইবাৰ একেলগে হাত দাঙিলে দুজন চৰকাৰী বিষয়াই (Two Govt Official Caught)। উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত দুজন চৰকাৰী বিষয়া। ঠিকাদাৰৰ পৰা উৎকোচ হিচাপে দাবী কৰিছিল ৫০ হাজাৰ টকা। ইয়াৰে ২০ হাজাৰ টকা লওঁতে হাতে-লোটে ধৰা পৰে ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্ত্ৰা আৰু কনিষ্ঠ অভিযন্ত্ৰা। বিল মোকোলাই দিয়া আৰু ঠিকা প্ৰদানৰ বাবে দুয়ো ঠিকাদাৰৰ পৰা দাবী কৰিছিল উৎকোচ।

দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযানত (Anti Corruption Drive) ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে জালত। ইয়াৰ পিছতো একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীয়ে এৰা নাই দুৰ্নীতিৰে ধন ঘটাৰ সহজ পথ। পুনৰ দুৰ্নীতিৰে ধন ঘটিবলৈ গৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুজনকৈ চৰকাৰী বিষয়া। ২০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল শিলচৰৰ কাছাৰ সংমণ্ডলৰ কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্ত্ৰা আৰু কনিষ্ঠ অভিযন্ত্ৰা। দুয়ো ঠিকাদাৰৰ পৰা দাবী কৰিছিল ৫০ হাজাৰ টকা।

ঠিকাদাৰজনে উৎকোচ বিচৰা চৰকাৰী বিষয়া দুজনৰ অভিযোগলৈ কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। ইয়াৰ পিছতে বুধবাৰে (২৬ এপ্ৰিল) দুৰ্নীতি নিবাৰক শাখাই দুৰ্নীতিগ্ৰস্ত অভিযন্ত্ৰা দুজনৰ হাতে-লোটে ধৰিবলৈ জাপ পেলায়। অভিযন্ত্ৰা দুজনে উৎকোচ হিচাপে দাবী কৰা ৫০ হাজাৰ টকাৰ ২০ হাজাৰ টকা ঠিকাদাৰজনে কনিষ্ঠ অভিযন্ত্ৰা শ্যামা প্ৰসাদ পুৰকায়স্থক দিয়াৰ লগে লগে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে হাতে-লোটে আটক কৰে কনিষ্ঠ অভিযন্ত্ৰা শ্যামা প্ৰসাদ পুৰকায়স্থক।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে শ্যামা প্ৰসাদ পুৰকায়স্থকৰ কবলৰ পৰা উৎকোচৰ ২০ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে। জানিব পৰা মতে এই উৎকোচকাণ্ডৰ মূল অভিযুক্ত আছিল ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্ত্ৰা নীলাঞ্জন দাস। কনিষ্ঠ অভিযন্ত্ৰা শ্যামা প্ৰসাদ পুৰকায়স্থ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্ত্ৰা নীলাঞ্জন দাসৰ নিৰ্দেশত ঠিকাদাৰজনৰ পৰা উৎকোচ লৈছিল। কনিষ্ঠ অভিযন্ত্ৰা শ্যামা প্ৰসাদ পুৰকায়স্থৰ জৰিয়তে উৎকোচ দাবী কৰা আৰু উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্ত্ৰা নীলাঞ্জন দাসকো দলটোৱে আটক কৰে।

এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ২৯/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। ইফালে ঘটনা সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থা অব্যাহত আছে। উল্লেখ্য যে কিছুদিন পুর্বে ৩৫ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিছিল বোকাখাত জনস্বাস্থ্য কাৰিকৰি বিভাগৰ গাননিক পুলিন শইকীয়া।