ছায়গাঁও : কামৰূপ জিলাৰ ছায়গাঁৱত কৰুণ ঘটনা। ছয়গাঁৱৰ মিলনপুৰত ১০০ টাকৈ দুষ্প্ৰাপ্য মৃত শগুণ উদ্ধাৰ। প্ৰথমবাৰৰ বাবে একেলগে ইমান সংখ্যক দুষ্প্ৰাপ্য শগুণৰ মৃত্যু হৈছে। বিষক্ৰিয়াৰ ফলত শগুণ কেইটাৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অসুস্থ অৱস্থাত উদ্ধাৰ হৈছে বহু শগুণ।

কামৰূপ জিলাৰ ছায়গাঁৱৰ মিলনপুৰত একেলগে ১০০ টাকৈ শগুণৰ মৃতদেহ উদ্ধাৰ হৈছে। বৃহস্পতিবাৰে বন বিভাগে উদ্ধাৰ কৰে মৃত শগুণ কেইটাক। ঘটনাস্থলীত বন বিভাগে অসুস্থ অৱস্থাত আন বহু শগুণ উদ্ধাৰ কৰে। বন বিভাগৰ চিকিৎসাকৰ দলে অসুস্থ শগুণ কেইটাক চিকিৎসা প্ৰদান কৰি আছে।

বন বিভাগে বিষক্ৰিয়াৰ ফলত শগুণ কেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। বন বিভাগে জানিবলৈ দিয়া মতে ঘটনাস্থলীত এটা মৃত ছাগলী উদ্ধাৰ কৰা হৈছে। মৃত ছাগলীটো ভক্ষণ কৰাৰ ফলতে শগুণ কেইটা বিষক্ৰিয়া হৈ মৃত্যুৰ মুখত পৰিছে। বন বিভাগে অসুস্থ শগুণ কেইটাৰ লগতে এটা ঈগল চৰাইও উদ্ধাৰ কৰিছে।

বন বিভাগে মৃত শগুণ কেইটা মৰণোত্ত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মৰণোত্ত পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতে শগুণ কেইটাৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ইমান সংখ্যক দুষ্প্ৰাপ্য শগুণৰ একেলগে মৃত্যু ঘটিছে। মৃত ছাগলীত বিষ মহিলাই শগুণ কেইটাক কোনো দুস্কৃতিকাৰীয়ে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এই ঘটনাকলৈ প্ৰকৃতি প্ৰেমী সকল চিন্তিত হৈ পৰিছে।