গুৱাহাটী : গুৱাহাটী মহানগৰীত শোকাবহ দুর্ঘটনা। ফাকুৱাৰ দিনাই মহানগৰীত দুই সন্তানসহ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। ৰে’লৰ খুন্দাত দুই সন্তানসহ কৰুণ মৃত্যু ঘটে এগৰাকী মহিলাৰ। নিহত মহিলা গৰাকী হাজোৰ বাৰংহাতীৰ বুলি জানিব পৰা গৈছে।

ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দৰ মাজতে মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক কৰুণ ঘটনা। কামাখ্যা গেটত ৰে’লৰ খুন্দাত দুই সন্তানসহ নিহত হয় এগৰাকী মহিলা। দুই সন্তানক লৈ ৰে’ল লাইন পাৰ কৰি থকা সময়তে ৰে’লৰ খুন্দাত মহিলা গৰাকী দুই সন্তানসহ থিতাতে নিহত হয়।

দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীৰ লগতে দুই সন্তানৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্ত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। নিহত মহিলা গৰাকীৰ পিতৃৰ ঘৰ কামৰূপ জিলাৰ হাজোৰ বাৰংহাতীত বুলি জানিব পৰা গৈছে। সন্তান দুটিৰ এটি ৬ বছৰীয়া আৰু এটি ৩ মহীয়া বুলি জানিব পৰা গৈছে।