আজিজ আলী
মুকালমুৱা : বৰক্ষেত্ৰী সমষ্টিৰ ৰামপুত উৎসৱ মুখৰ পৰিৱেশ। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণ আঞ্চলিক জাতীয় বিদ্যালয়ত। কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনালে বিদ্যালয় কতৃপক্ষই। বিদ্যালয়খনৰ এগৰাকী ছাত্ৰই লাভ কৰিছে ডিষ্টিংশন।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰস্থিত আঞ্চলিক জাতীয় বিদ্যালয়ৰ এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে এইবেলি হাই স্কুল শিক্ষান্ত পৰীক্ষাত। উল্লেখ্য যে জাতীয় বিদ্যালয় পৰা অৱতীৰ্ণ হোৱা মুঠ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাত ব্যাপক উৎসাহ দেখা গৈছে সমগ্ৰ অঞ্চলটোৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ মাজত।

সৰ্বমুঠ ৫৬৪ নম্বৰ লাভ কৰি ৯৪ শতাংশৰে ডিষ্টিংশন লাভ কৰিছে বিদ্যালয়খনৰ ছাত্ৰ চুমিত আহচান তালুকদাৰে। অসমীয়া, ইংৰাজী, সাধাৰণ গণিত, সমাজ বিজ্ঞান, উচ্চ গণিতত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ গৰাকীয়ে ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰিছে। ব্যক্তিগত খণ্ডৰ এই বিদ্যালয়খনৰ ফলাফলে অঞ্চলটোলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।