ৰাণী : বনৰীয়া হাতীৰ পোৱালিৰ কৰুণ মৃত্যু। ৰাণীত বনৰীয়া হাতীৰ পোৱালিৰ কৰুণ মৃত্যু। দ খাৱৈত পৰি মৃত্যু বনৰীয়া হাতীৰ পোৱালিটোৰ। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত। কিছুদিন পূৰ্বেও এটা বনৰীয়া হাতীৰ পোৱালি দ খাৱৈত পৰিছিল।

মহানগৰী গুৱাহাটীৰ কাষৰীয়া ৰাণীত সংঘটিত হৈছে এক কৰুণ ঘটনা। এটি এমহীয়া বনৰীয়া হাতীৰ পোৱালিৰ মৃত্যু হৈছে ৰাণীত। ৰাণী চাহ বাগিচাৰ চৌহদত থকা এটা দ খাৱৈত এমহীয়া বনৰীয়া হাতীৰ পোৱালিটো পৰি মৃত্যুৰ মুখত পৰে। চাহ শ্ৰমিকে প্ৰত্যক্ষ কৰে মৃত বনৰীয়া হাতীৰ পোৱালীটোক।

দ খাৱৈত মৃত অৱস্থাত বনৰীয়া হাতীৰ পোৱালিটো প্ৰত্যক্ষ কৰি চাহ শ্ৰমিকে বন বিভাগক খবৰ দিয়ে। ৰাণী বন বিভাগৰ লোক ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃত বনৰীয়া হাতীৰ পোৱালিটোক দ খাৱৈৰ পৰা উদ্ধাৰ কৰিছে। বনৰীয়া হাতীৰ পোৱালিটোৰ মৃতদহে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা হাতত লৈছে বন বিভাগে।

উল্লেখ্য যে অঞ্চলটোত প্ৰায়ে ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা বনৰীয়া হাতীৰ জাক খাদ্যৰ সন্ধানত ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰে। নিশাৰ ভাগত বনৰীয়া হাতীৰ জাকৰ লগত ওলাই অহা বনৰীয়া হাতীৰ পোৱালিটো দ খাৱৈত পৰি মৃত্যুৰ মুখত পৰে। কিছুদিন পূৰ্বেও এটা বনৰীয়া হাতীৰ পোৱালি দ খাৱৈত পৰি যোৱাত স্থানীয় ৰাইজে পোৱালিটোক উদ্ধাৰ কৰিছিল।