মানকাচৰ : ৮ গৰাকী শিক্ষাৰ্থী, ৯ গৰাকী শিক্ষক, এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ নহ’ল। মানকাচাৰৰ ঝাওডাঙ্গা কস্তুৰবা বালিকা বিদ্যালয়ত আছে ৯ গৰাকীকৈ শিক্ষক। বিদ্যালয়খনৰ পৰা এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৮ গৰাকী শিক্ষাৰ্থী। এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ নহ’ল হাই স্কুল শিক্ষান্ত পৰীক্ষাত। বিদ্যালয়খনৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ নোহোৱাত অভিভাৱক আৰু ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

মঙলবাৰে ঘোষণা কৰা হয় হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ মুঠ ৭ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ইয়াৰ বিপৰীতে মানকাচৰৰ ঝাওডাঙ্গা চৰকাৰী কস্তুৰবা বালিকা বিদ্যালয়ত ১০০ শতাংশ শিক্ষৰ্থী অনুত্তীৰ্ণ হোৱা ঘটনাই সকলোৰে চকু কপালত তুলিছে। ইয়াকেলৈ হাটশিঙিমাৰীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰো।

উল্লেখ্য যে ঝাওডাঙ্গা কস্তুৰবা বালিকা বিদ্যালয়ৰ পৰা এইবেলি মুঠ ৮ গৰাকী শিক্ষাৰ্থীয়ে হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু মঙলবাৰে ঘোষণা হোৱা ফলাফলত আটাইকেই গৰাকী শিক্ষাৰ্থী অনুত্তীৰ্ণ হয়। চৰকাৰী আবাসিক বালিকা বিদ্যালয়খনত মুঠ ১৫ গৰাকী শিক্ষক-কৰ্মচাৰী কৰ্মৰত। ইয়াৰে ৯ গৰাকী শিক্ষক পদত কৰ্মৰত হৈ আছে। ৯ গৰাকী শিক্ষকৰ বিপৰীতে ৮ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষা দি এগৰাকীও উত্তীৰ্ণ নোৱাৰা ঘটনাই সৰ্বত্ৰে চৰ্চিত হৈছে।

বিদ্যালয়খনৰ কাষতে থকা স্থানীয় লোক, অভিভাৱক সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষক-কৰ্মচাৰী সকলৰ অৱহেলাৰ বাবে এনে হোৱা বুলি অভিযোগ তুলি বিষয়টো তদন্ত কৰিবলৈ জিলা প্ৰশাসন তথা ৰাজ্যৰ শিক্ষা বিভাগৰ ওচৰত দাবী জনাইছে। ইফালে বিদ্যালয়খনৰ ওৱাৰ্ডেন চাবিনা হুছেইন এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী কেইগৰাকী অতি দুৰ্বল শ্ৰেণীৰ আছিল। লগতে লক ডাউনৰ ফলত তেওঁলোক সঠিকভাৱে অধ্যয়ন কৰিব পৰা নাই।

সকলো প্ৰকাৰৰ চৰকাৰী সুবিধা পোৱাৰ পিছতো শিক্ষক কেইগৰাকীয়ে শিক্ষাৰ্থী সকলক সঠিকভাৱে পাঠদান নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ইফালে বিদ্যালয়খনৰ নিকটৱৰ্তী ঝাওডাঙ্গা হায়াৰ চেকেণ্ডাৰী চৰকাৰী বিদ্যালয়তো ফলাফল নিম্নগামী হোৱাত ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিদ্যালয়খনত ১১৫ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে মাত্ৰ ৩ গৰাকী উত্তীৰ্ণ হোৱাত চৰকাৰী বিদ্যালয়ৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়া পৰিলক্ষিত হৈছে।